Aadhaar will not be required for issuance of PAN cards:পান কার্ড তৈয়াৰৰ বাবে প্রয়োজন নহ’ব আধাৰৰ : জানি লওক নতুন নিয়ম

pan card

Aadhaar will not be required for issuance of PAN cards:

পান কার্ড তৈয়াৰ কৰিবলৈ প্রয়োজন নহ’ব আধাৰ কাৰ্ডৰ। আয়কৰ বিভাগৰ নতুন নিয়ম অনুসৰি এক অক্টোবৰৰ পৰা পান কার্ড প্ৰস্তুত কৰাৰ বাবে এজন ব্যক্তিৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক নহ’ব। পান কাৰ্ডৰ দুর্নীতি প্ৰতিৰোধৰ বাবে আধাৰ কাৰ্ডৰ স’তে পান কাৰ্ডৰ সংযোগ কৰাও এতিয়াৰ পৰা জৰুৰী নহ’ব।

মূলত চাইবাৰ প্ৰৱঞ্চকৰ হাতৰ পৰা জনসাধাৰণক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে এই নতুন নিয়ম আজিৰে পৰা প্ৰৱৰ্তন কৰা হ’ল। বৰ্তমানৰ সময়ত আধাৰ কাৰ্ডৰ স’তে এজন ব্যক্তিৰ প্ৰতিটো একাউন্ট যুক্ত হৈ থাকে। আধাৰৰ স’তে সংযোজিত হৈ আছে পান কার্ডো।

সেয়েহে আধাৰৰ স’তে পান কাৰ্ডৰ সংযোজন প্রত্যাহাৰ কৰিলে চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা হ্রাস পাব বুলি আশা কৰিছে আয়কৰ বিভাগে। দেশৰ সকলো মানুহৰ ব্যক্তিগত তথ্য সঠিকভাৱে যাতে সুৰক্ষিত থাকে, তাক নিশ্চিত কৰিবলৈ এই নতুন ব্যৱস্থা ল’লে আয়কৰ বিভাগে

Exit mobile version