Cabinet Secretary resigns after MP in England:সাংসদৰ পাছত এইবাৰ কেবিনেট সচিবে কৰিলে পদত্যাগ, সংকটত ষ্টৰ্মাৰ চৰকাৰ

simon

Cabinet Secretary resigns after MP in England:

ব্রিটেইনত প্রধানমন্ত্রী কীয়ৰ ষ্টৰ্মাৰ নেতৃত্বাধীন লেবাৰ পাৰ্টিৰ নতুন চৰকাৰ এক প্রত্যাহ্বানৰ সম্মুখীন হ’ল। এইবাৰ দেশখনৰ কেবিনেট সচিব ছিমন কেছে পদৰ পৰা ইস্তফা দিলে। দুদিন পূৰ্বে ৰ’জি ডেফিল্ড নামৰ লেবাৰ পাৰ্টিৰ এজন সাংসদে ইস্তফা দিছিল।

ডেফিল্ডৰ ইস্তফাৰ পাছত কেবিনেট সচিব কেছে পদত্যাগ কৰাটো ষ্টৰ্মাৰ চৰকাৰৰ বাবে উদ্বেগৰ বিষয়ত পৰিণত হৈছে। উল্লেখ্য যে যোৱা জুলাইত অনুষ্ঠিত নির্বাচনত লেবাৰ পাৰ্টিৰ জয়ৰ পাছত ষ্টৰ্মাৰ ব্রিটেইনৰ নতুন প্রধানমন্ত্রী নিযুক্ত হৈছিল।

অলপতে লেবাৰ পাৰ্টিৰ সাংসদ ডেফিল্ডে প্রধানমন্ত্রী ষ্টৰ্মাৰৰ নেতৃত্বক কঠোৰভাবে সমালোচনা কৰি দলৰ পৰা ইস্তফা দিছিল। ইয়াৰ পাছতে কেবিনেট সচিব কেছে পদত্যাগ কৰিলে।

Exit mobile version