Mohalaya:আজি মহালয়া, বছৰজোৰা প্ৰতীক্ষাৰ অৱসান ঘটাই আৰম্ভ হ’ল শাৰদীয় দুৰ্গোৎসৱৰ উন্মদনা

মহালয়া উপলক্ষে পুৱাতে ৰাজ্যৰ ৰাজপথত সমবেত হ'ল ভক্তৱান ৰাইজ

durga puja

Mohaloya:

বছৰজোৰা প্ৰতীক্ষাৰ অৱসান ঘটাই পুনৰ ধৰাত শাৰদীয় দুর্গোৎসৱৰ বতৰা ৷ বুধবাৰে পবিত্র মহালয়া। এই দিনটোতে দুষ্টক দমন কৰিবলৈ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰে শক্তিৰ আৰাধ্যা দেবী দুর্গাক সৃষ্টি কৰিছিল। সেয়ে আজিৰ দিনটোত দেৱী দুর্গাক ধৰাৰ বুকুলৈ আদৰণি জনায় ৰাজ্যবাসীয়ে । মহালয়া উপলক্ষে পুৱাতে ৰাজ্যৰ ৰাজপথত সমবেত হ’ল ভক্তৱান ৰাইজ | আৰম্ভ হ’ল শাৰদীয় দুৰ্গোৎসৱৰ উন্মদনা ।

উল্লেখ্য যে মহালয়াৰ এসপ্তাহৰ পাছত যুগে যুগে চলি অহা পৰম্পৰাক অক্ষুণ্ণ ৰাখি দেৱীৰ প্ৰতিমা বেদীত স্থাপন কৰা হ’ব। পঞ্জিকাৰ গণনা অনুসৰি, ন অক্টোবৰ তথা ২২ আহিন বুধবাৰে দেৱী দুৰ্গাৰ ষষ্ঠাদি কল্পাৰম্ভ আৰু যষ্ঠী বিহিত পূজা, বোধন, সন্ধ্যা দেৱীৰ আমন্ত্ৰণ আৰু অধিবাস হ’ব। এইবাৰ দেৱী দোলাত আহিব আৰু ঘোঁৰাত যাব। সম্প্রতি এই দুর্গা পূজাক লৈ ৰাজ্যজুৰি এক উখল- মাখল পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো সৰু-বৰ ছয় শতাধিক স্থানত দুর্গা পূজা অনুষ্ঠিত হ’ব।

ইতিমধ্যে পূজা মণ্ডপৰ নির্মাণ কার্য অব্যাহত থকাৰ লগতে নতুন নতুন বিষয়বস্তুক লৈ সাজি উলিওৱা মণ্ডপসমূহে এইবাৰো ভক্তসকলক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি উদ্যোক্তাসকলে আশা প্রকাশ কৰিছে। উল্লেখ্য যে এইবাৰো মহানগৰীৰ গৰিষ্ঠ সংখ্যক পূজা সমিতিয়ে প্রকৃতি সুৰক্ষা আৰু প্লাষ্টিক বৰ্জনৰ এক বাৰ্তাৰে বিভিন্ন সমকালীন বিষয়বস্তুক লৈ প্ৰযুক্তিৰ পয়োভৰেৰে মণ্ডপসমূহ সজাই তুলিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে।

সমান্তৰালভাৱে পূজাস্থলীত এক সুশৃংখল ব্যৱস্থাপনা আৰু সুৰক্ষাৰ দিশতো বিশেষ গুৰুত্ব আৰোপ কৰিছে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো মহানগৰীৰ পূজা মণ্ডপসমূহ দেশ-বিদেশৰ মন্দিৰ, পৌৰাণিক কীর্তিচিহ্ন, হোটেল আদিৰ আর্হিত নিৰ্মাণ কৰা হৈছে। বিশেষকৈ অৰুণাচল প্ৰদেশৰ নামচাইস্থিত গ’ল্ডেন পাগোডা (সোণালী বৌদ্ধ মন্দিৰ) ৰ আৰ্হিত এইবাৰ লতাশিলৰ পূজা মণ্ডপ প্ৰস্তুত কৰা হৈছে।

একেদৰে চীনৰ বিখ্যাত হোটেল ‘গ্রেণ্ড লিছব’য়া’ৰ আৰ্হিত পাণ্ডুৰ আজাদ হিন্দ ক্লাবৰ পূজা, ‘গংগাৰ পাৰৰ ৰূপকথা’ৰ আৰ্হিত সুভাষ নগৰৰ পূজা, ৰাজস্থানৰ পৌৰাণিক অট্টালিকাৰ আৰ্হিত বিষ্ণুপুৰৰ পূজা, হেৰী পটাৰৰ আর্হিত নতুনবস্তিৰ পূজা, টি-২০ বিশ্বকাপ ট্রফীৰ আৰ্হিত কালীবাড়ীৰ পূজা মণ্ডপ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। সংশ্লিষ্ট পূজা সমিতিয়ে এই মণ্ডপসমূহে ভক্তক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰিছে ।

Exit mobile version