Police station attack in Nagaon:নগাঁৱত চাঞ্চল্যকৰ ঘটনা,আৰক্ষী চকী আক্ৰমণ কৰি মোকোলাই নিলে আটকাধীন চোৰক

মহিলা আৰক্ষীক আক্ৰমণ

itachali police

Police station attack in Nagaon:

নগাঁও চহৰৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা। আৰক্ষী চকী আক্ৰমণ কৰি উলিয়াই নিলে আটকাধীন চোৰক

উল্লেখ্য যে ডিমৰুগুৰি ইকাৰ্টৰ কাৰ্যালয়ৰ পৰা মানসজ্যোতি হাজৰিকা নামৰ চোৰটোৱে চুৰ কৰিছিল এটা ম’বাইল ৷ এই সন্দৰ্ভত ইকাৰ্টৰ পৰা ইটাচালী নগৰ আৰক্ষী চকীত দিয়া হৈছিল গোচৰ ৷ অৱশেষত চোৰটো পৰে আৰক্ষী জালত ৷

আৰক্ষী চকীত মানসজ্যোতি হাজৰিকা নামৰ চোৰটোক আটক কৰাৰ পিছত আজি তিনিগৰাকী মহিলা আৰক্ষী থানাত উপস্থিত হৈ চোৰটোক মোকোলাই দিয়াৰ দাবীত আৰক্ষীৰ স’তে লিপ্ত হয় তৰ্কবিতৰ্কত

ইয়াৰ পিছত হঠাতে তৰ্কবিতৰ্কত লিপ্ত হোৱা মহিলা তিনি গৰাকীয়ে কতৰ্ব্যৰত মহিলা আৰক্ষী ৰীনা বাছাক শাৰিৰীকভাৱে প্ৰহাৰ কৰি বলপূৰ্বকভাৱে চোৰটোক লৈ উধাও হয় ৷ এই ঘটনাও সমগ্ৰ জিলা খনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

ইতিমধ্যে আৰক্ষীয়ে পলাতক চোৰ আৰু আক্ৰমণকাৰী মহিলা তিনি গৰাকীৰ সন্ধানত আৰম্ভ কৰিছে অভিযান।

Exit mobile version