Titabar Govindrapur Tea Estate:তিতাবৰ গোবিন্দপুৰ চাহ বাগিছাত পুৱাই উত্তপ্ত পৰিস্থিতি, মহালয়াৰ দিনটোতে অঘটন বাগিছাখনত

WhatsApp Image 2024 10 02 at 12.52.15 PM image

Titabar Govindrapur Tea Estate:

বাগিছাখনৰ ললিতা পায়েক নামৰ ৩০ বছৰীয়া এগৰাকী যুৱতী পুৱতি নিশা পুখুৰীত পানী তুলিবলৈ গৈ মৃত্যু হোৱাক কেন্দ্ৰ কৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। ললিতা পাইক আছিল বাগিছাখনৰ স্থায়ী শ্ৰমিক

গোবিন্দপুৰ চাহ বাগিছাৰ যুৱতী গৰাকীয়ে অকাল মৃত্যুক সাৱটি লোৱাৰ পাছতেই বাগিছাখনৰ চিকিৎসালয় খনৰ বিৰুদ্ধে সৰৱ হৈ শ্ৰমিক সকল। পুৱাৰ ভাগতে মহালয়াৰ আনন্দ-উৎসৱ পৰিহাৰ কৰি শ্ৰমিক সকলে যুৱতী গৰাকীৰ অকাল মৃত্যুৰ প্ৰতিবাদ জনাই বাগিছা কাৰ্যালয় ঘেৰাও কৰে।

অভিযোগ অনুসৰি পুখুৰীৰ পৰা উদ্ধাৰ কৰাৰ পাছতেই যুৱতী গৰাকীক বাগিছাৰ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসক নথকাত ফাৰ্মাচিষ্ট আৰু ড্ৰেছাৰে গুৰুত্ব নিদিয়াত যুৱতী গৰাকীৰ মৃত্যু হয় ।

যুৱতী গৰাকীৰ মৃত্যুৰ পাছতে উত্তেজিত শ্ৰমিকে ন্যায় বিছাৰি বাগিছাৰ কাৰ্যালয় ঘেৰাও কৰি পৰিবেশ উতপ্ত কৰি তোলে ।পৰিস্থিত বিষম দেখি বাগিছা কৰ্তৃপক্ষই উত্তপ্ত হৈ ফাৰ্মাচিষ্ট আৰু ড্ৰেছাৰ দুয়োজনকে তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বন কৰে।

আনহাতে বাগিছা খনত কেৱল চিকিৎসাৰ অভাৱেই নহয় শ্ৰমিকৰ বাবে চিকিৎসালয়খনত কোনো ধৰনৰ সুবিধা নথকাৰ বাবে এনে ধৰনৰ ঘটনা পূৰ্বতেও বহুবাৰ সংঘটিত হোৱাৰ উদাহৰণ আছে।

Exit mobile version