17 Bangladesi arrested in Meghalaya:মেঘালয়ৰ হেলেডেগঞ্জত ১৭ বাংলাদেশীক আটক

দুদিন পূর্বে হাটশিঙিমাৰীতো আটক হৈছিল ১২ বাংলাদেশী

bangladeshi

17 Bangladesi arrested in Meghalaya:

পুনৰ বাংলাদেশী অনুপ্ৰৱেশকাৰী গ্ৰেপ্তাৰ মেঘালয়ত ৷ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ বাবে জাকে জাকে বাংলাদেশী নাগৰিক অবৈধভাৱে প্ৰৱেশ কৰিছে ভাৰতত ৷

শেহতীয়াকৈ কৰিমগঞ্জ আৰু মঙলবাৰে হাটশিঙিবাৰীত ১২জনকৈ বাংলাদেশীক আটক কৰাৰ পিছত আজি মেঘালয়ৰ হেলেডেগঞ্জত ১৭ বাংলাদেশীক আটক কৰে আৰক্ষীয়ে ৷ তেওঁলোকে ফুলবাৰীলৈ গৈ থকা পথত মেঘালয় আৰক্ষীৰ জালত পৰে ৷

আটকাধীন বাংলাদেশী কেইজনে আৰক্ষীক সদৰি কৰা মতে তেওঁলোকে দালালৰ জৰিয়তে ডাউকী সীমান্তৰে অবৈধভাবে মেঘালয়ত প্ৰৱেশ কৰিছিল ৷ ইতিমধ্যে মেঘালয় আৰক্ষীয়ে বাংলাদেশী নাগৰিক কেইজনৰ বিৰুদ্ধে ৰজু কৰিছে গোচৰ ৷

Exit mobile version