India is concerned about China’s aggression:চীনৰ আগ্রাসনক লৈ উদ্বিগ্ন ভাৰত

সেনাবাহিনীও সষ্টম হৈছে সীমান্তত, অৰুণাচলৰ পাহাৰত ভাৰতীয় সেনাৰ যুদ্ধাভ্যাস ক্ষেত্ৰ স্থাপন, লাডাখ সীমান্তৰো পৰিস্থিতি স্বাভাৱিক নহয়: স্বীকাৰ সেনা মুৰব্বীৰ

china india

India is concerned about China’s aggression:

অৰুণাচল প্রদেশ সীমান্তৰ পৰা লাডাখ সীমান্তলৈ– চীনক লৈ মুঠেও আশ্বস্ত হ’ব পৰা নাই ভাৰত। সীমান্তত চীনৰ শেহতীয়া কুচকাৱাজৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় সেনাও সতর্ক হৈ উঠিছে।

ইয়াৰ অংশ স্বৰূপে অৰুণাচল প্ৰদেশৰ পাহাৰত শেহতীয়াভাৱে ভাৰতীয় সেনাৰ গোলণ্ডাজ বাহিনীয়ে এক যুদ্ধাভ্যাস ক্ষেত্র (ফায়াৰিং ৰেঞ্জ) প্রতিষ্ঠা কৰিছে। শত্ৰুৰ সম্ভাব্য আক্ৰমণ ব্যর্থ কৰাৰ উদ্দেশ্যে অৰুণাচলৰ সুউচ্চ পাহাৰত ভাৰতীয় সেনাই এই ফায়াৰিং ৰেঞ্জ স্থাপন কৰি সষ্টম হৈছে। সূত্রই প্ৰকাশ কৰা অনুসৰি, এই ফায়াৰিং ৰেঞ্জত দেশীয় প্রযুক্তিৰে তৈয়াৰী ১০৫ মিলিমিটাৰ ইণ্ডিয়ান ফিল্ড গান আৰু আমেৰিকাৰ পৰা ক্ৰয় কৰি অনা ১৫৫ মিলিমিটাৰৰ এম-৭৭৭ অতি লঘু হাওইৎজাৰ ৰখা হ’ব। এই ফায়াৰিং ৰেঞ্জত সেনাৰ অনুশীলন চলি থাকিব।

এই সম্পৰ্কত ভাৰতীয় সেনাৰ গোলণ্ডাজ ক’ৰৰ জিঅ’চি লেফটেনেন্ট জেনেৰেল অধোশ কুমাৰে সংবাদ মাধ্যমৰ আগত কয়, ‘সেনাক যুদ্ধৰ পৰিৱেশৰ আভাস দিয়াৰ উদ্দেশ্যে আমি এই ফায়াৰিং ৰেঞ্জ স্থাপন কৰিছো। পৰৱৰ্তী সময়ত হিমালয়ৰ উচ্চ পর্বত ক্ষেত্ৰতো আৰু দুটা ফায়াৰিং ৰেঞ্জ স্থাপন কৰা হ’ব।’

লক্ষ্যণীয় যে ড’কলাম আৰু গালৱান কাণ্ডৰ পাছত দেশৰ পশ্চিম, পূব আৰু উত্তৰ-পূবৰ নিৰাপত্তা নিশ্চিত কৰাৰ উদ্দেশ্যে অধিক তৎপৰতা অৱলম্বন কৰি আহিছে ভাৰতীয় সেনাই। শত্রুক প্রতিহত কৰাৰ কৌশলো আয়ত্ত কৰিছে সেনাই। ইতিমধ্যে পদাতিক বেটেলিয়নক সীমান্তত নিয়োজিত কৰা হৈছে। এনে সতর্কতাৰ অংশ স্বৰূপেই অৰুণাচল প্ৰদেশৰ সুউচ্চ পাহাৰত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি)ৰ ওচৰত সেনাই এই ফায়াৰিং ৰেঞ্জ স্থাপন কৰিছে।

ইপিনে, লাডাখ সীমান্তৰ পৰিৱেশ আজিও স্বাভাৱিক নহয় বুলি অৱশেষত মানি ল’লে দেশৰ সেনা প্রধান উপেন্দ্ৰ দ্বিবেদীয়ে। ‘চাণক্য ডিফেন্স ডায়েলগ-২৪’ শীর্ষক অনুষ্ঠানত সেনা প্রধান দ্বিবেদীয়ে কয়, ‘এলএচিত স্থিতাবস্থা বাহাল আছে; কিন্তু পৰিস্থিতি স্বাভাৱিক নহয়। (চীন-ভাৰতৰ) পাৰস্পৰিক বিশ্বাস নষ্ট হৈছে। এয়া এক বৃহৎ ক্ষতি।’

সেনা মুৰব্বীজনে এইবুলিও আঙুলিয়াই দিয়ে যে লাডাখ সীমান্তৰ পৰিস্থিতি কেবল অস্বাভাৱিকেই নহয়, বৰঞ্চ স্পর্শকাতৰো। তেওঁ কয় যে ২০২০ৰ এপ্রিল পর্যন্ত পৰিস্থিতি ঠিকেই আছিল যদিও সম্প্রতি একে অৱস্থা নাই। লাডাখ সীমান্তৰ পৰিস্থিতি বর্তমানো স্বাভাবিক হোৱা নাই বুলি উল্লেখ কৰি তেওঁ আৰু কয়, ‘আমি পূৰ্বৰ অৱস্থা ঘূৰি অহাটো বিচাৰো।

সীমান্তৰ সাধাৰণ অঞ্চলৰ পৰিস্থিতিয়ে হওক বা নিৰপেক্ষ অঞ্চল (বাফাৰ জ’ন)ৰ পৰিস্থিতিয়ে হওক বা টহল সম্পর্কীয় বিষয়ে হওক; পৰিস্থিতি স্বাভাৱিক হোৱাটো আমি কামনা কৰো। অৱশ্যে এই পর্যন্ত পূৰ্বৰ পৰিস্থিতি ঘূৰি অহা নাই। গতিকে আমি যি কোনো আকস্মিক ঘটনাৰ বাবে প্রস্তুত আছো।’ চীন-ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক জটিল হৈ উঠাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি স্বাভাৱিক হৈ থকা নাই বুলিও তেওঁ উল্লেখ কৰে।

ডেপচাং আৰু ডেমচ’কসহ সমগ্ৰ উত্তৰ সীমান্তৰ পৰিস্থিতিক লৈ আলোচনা চলি আছে বুলিও দ্বিবেদীয়ে সদৰী কৰে। উল্লেখ্য যে ডেপচাং আৰু ডেকচ ‘কক লৈ কে’বালানি আলোচনা অনুষ্ঠিত হোৱাৰ পাছতো চীন-ভাৰতৰ সম্পৰ্কৰ পৰা জটিলতা দূৰ হোৱা নাই। ইয়ে লাডাখ সীমান্তৰো পৰিস্থিতি স্পৰ্শকাতৰ কৰি ৰাখিছে। দুয়োপক্ষই সীমান্তত অত্যাধুনিক মাৰণাস্ত্রসহ ১০ হেজাৰকৈ সেনা নিয়োগ কৰি ৰাখিছে।

আনহাতে, ভাৰতীয় সেনাৰ মুৰব্বী দ্বিবেদীয়ে লেবাননত চলি থকা হিজবুল্লা-ইজৰাইল সংঘৰ্ষৰ সম্পৰ্কত কয়, ‘বিস্ফোৰক পেজাৰ ব্যৱহাৰ কৰাটো ইজৰাইলৰ মাষ্টাৰষ্ট্ৰ’ক আছিল। বহু বছৰ ধৰি কৰা পৰিশ্ৰম আৰু গৱেষণাৰ অন্তত ইজৰাইলে যি কৰিছে, সেয়া অতুলনীয়। যুদ্ধ আৰম্ভ হয় পৰিকল্পনাৰ স্তৰতে। ইজৰাইলৰ পৰিকল্পনা তুলনাবিহীন।’

Exit mobile version