Indian External Affairs Minister to Pakistan:চিৰবৈৰী ৰাষ্ট্ৰলৈ যাব ভাৰতৰ বৈদেশিক মন্ত্ৰী

joy sankar

Indian External Affairs Minister to Pakistan:

ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰে পাকিস্তানত আয়োজিত এছচিঅ’ বৈঠকত অংশগ্রহণ কৰিব। অহা ১৫-১৬ অক্টোবৰত ইছলামাবাদত অনুষ্ঠিত হ’ব লগা এই বৈঠকত ভাৰতক প্রতিনিধিত্ব কৰিব জয়শংকৰে।

বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে এই তথ্য সদৰী কৰি জনোৱা অনুসৰি এছচিঅ’ৰ কাউন্সিল অৱ হেডছ অৱ গৱৰ্ণমেণ্টৰ বৈঠকত জয়শংকৰে অংশ ল’ব।

উল্লেখ্য যে ন বছৰ পাছত প্রথমবাৰলৈ ভাৰতত কোনো কেন্দ্রীয় মন্ত্রীয়ে পাকিস্তানলৈ যাব। এই বৈঠকত অংশ ল’বলৈ যোৱা ২৯ আগষ্টত পাকিস্তানে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্রণ দিছিল।

Exit mobile version