Israel could attack Iran’s oil production facilities:ইৰানৰ তেল উৎপাদন কেন্দ্রত আক্ৰমণ কৰিব পাৰে ইজৰাইলে

iran

Israel could attack Iran’s oil production facilities:

ইৰানে ইজৰাইলত চলোৱা ক্ষেপণাস্ত্র আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ইজৰাইলে আক্রমণ চলাব পাৰে ইৰানৰ তেল উৎপাদনকাৰী কেন্দ্ৰত। এই বাতৰি প্ৰচাৰিত হোৱাৰ পাছৰে পৰা বিশ্বজুৰি ব্যাপক উৎকণ্ঠা অব্যাহত আছে। এই বিষয়ত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ স’তে আলোচনা কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে।

হোৱাইট হাউছত সাংবাদিকে ‘ইৰানত তেল উৎপাদন কেন্দ্ৰত ইজৰাইলে আক্ৰমণ কৰিলে আমেৰিকাই সমর্থন কৰিব নেকি?’ বুলি প্রশ্ন কৰাত বাইডেনে এইদৰে ক’লে, ‘আমি এই বিষয়ত আমি আলোচনা কৰিছো। মই আশা কৰো এই ধৰণৰ ঘটনা নহ’ব। আমি ইজৰাইলক কেৱল পৰামৰ্শহে দিও। ইয়াত আমি অনুমতি বা আপত্তি কৰাৰ থল নাই।’

Exit mobile version