United Opposition Forum has changed its name:কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ সলনি হ’ল নাম

এতিয়াৰ পৰা পৰিচিত হ'ব অসম সন্মিলিত মৰ্চা’ নামেৰে

bhpen bora

United Opposition Forum has changed its name:

কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ সলনি হ’ল নাম ৷ এতিয়াৰ পৰা পৰিচিত হ’ব অসম সন্মিলিত মৰ্চা’ নামেৰে ৷ শণিবাৰে ঘোষণা কৰে বিৰোধী ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ

ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰ খনত বিৰোধী ঐক্যমঞ্চই অসম’ মিত্ৰজোঁট বা ‘অসম সন্মিলিত মৰ্চা’ হিচাপে নিজৰ ৰাজনৈতিক কুজকাৱাজ চলাই যাব বুলি এক সংবাদমেলত সদৰি কৰি অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয়,আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে পাঁচ বিধানসভাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব অসম সন্মিলিত জোঁটে ৷ একেদৰে ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ ১২৬ খন আসনতে অসম মিত্ৰজোঁটে প্ৰতিদ্বন্দ্ব্বীতা আগবঢ়াব ৷

ৰাইজৰ ব্যাপক সমৰ্থনত দিছপুৰৰ মছনদ দখল কৰিব সন্মিলিত জোঁটে ৷ সংবাদমেলত মঞ্চৰ সভাপতি ভূপেন বৰা আৰু সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে কয়,সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি ‘বিৰোধী’ শব্দটো আঁতৰাই সন্মিলিত নামটো ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিৰোধী ৰাজনৈতিক দল কেইটাই ৷

Exit mobile version