Thousands of Indian students are waiting in line for waiter jobs in Canada:ৱেটাৰৰ চাকৰিৰ বাবে কানাডাত সহস্রাধিক ভাৰতীয় শিক্ষাৰ্থীৰ দীঘলীয়া শাৰী

canada

Thousands of Indian students are waiting in line for waiter jobs in Canada:

বিদেশত অধ্যয়ন কৰিবলৈ যোৱা বহু শিক্ষার্থীয়ে পার্ট টাইম চাকৰিৰ সন্ধান কৰে। এই ক্ষেত্ৰত বিদেশত অধ্যয়নৰত ভাৰতীয় শিক্ষার্থীসকল আগৰণুৱা হিচাপে পৰিচিত। সম্প্রতি সামাজিক মাধ্যমত কানাডাৰ এক ভিডিঅ’ ভাইৰেল হৈছে। এই ভিডিঅ’ত আবদ্ধ হোৱা দৃশ্য অনুসৰি কানাডাৰ ব্রাম্পটলৰ এখন ৰেস্তোৰাঁত ৱেটাৰৰ চাকৰিৰ বাবে সহস্রাধিক আবেদনকাৰীয়ে দীঘলীয়া শাৰীত থিয় দিছে। ৰেস্তোৰাঁত ৱেটাৰৰ চাকৰি বিচৰা সৰহ সংখ্যকে হৈছে ভাৰতীয় শিক্ষার্থী।

ADVERTISEMENT

সম্প্রতি সামাজিক মাধ্যম ‘এক্স’ত ‘মেঘ আপডেটছ’ নামৰ এক হেণ্ডেলৰ জৰিয়তে এই ভিডিঅ’ ভাইৰেল হৈছে। এই ভিডিঅ’ প্রত্যক্ষ কৰি সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে কানাডাত নিবনুৱা সমস্যাই ইমান ভয়াৱহ ৰূপ ধাৰণ কৰিছে নেকি বুলি প্রশ্ন কৰিছে। বিদেশলৈ গৈ ভাৰতীয় শিক্ষার্থীয়ে এইদৰে ৰেস্তোৰাঁৰ ৱেটাৰ পদৰ বাবে হেতাওপৰা লগোৱা ঘটনাই কানাডাৰ নিবনুৱা সমস্যাৰ লগতে ভাৰতীয় শিক্ষাৰ্থীৰ দুৰৱস্থাক লৈয়ো প্রশ্ন উত্থাপন কৰিছে। অৱশ্যে এই ভিডিঅ’ৰ সত্যতা সামাজিক মাধ্যমে নিৰূপণ কৰা নাই।

Exit mobile version