Today Subhao Sasthi ‘2024: উখল-মাখল পৰিৱেশত আজি ষষ্ঠীৰ বেদীত প্রতিষ্ঠা কৰা হ’ল দেৱী দুর্গতিনাশিনীক

ভক্ত-দর্শনার্থীক আদৰিবলৈ সজাই তোলা হৈছে মণ্ডপ লিছব'য়া-গংগাৰ পাৰৰ ৰূপকথা

durga puja 2024

Today Subhao Sasthi ‘2024:

দেৱী দুর্গাৰ জয়গান, ঢাক- ঢোলৰ শব্দ, বজাৰত বিক্রেতা-গ্ৰাহকৰ খদমদম, মণ্ডপসমূহত পূজা কমিটীৰ উথপথপ, প্রাচীন মঠ-মন্দিৰ-দেৱালয়-দেৱীৰ আৰাধ্যথলীত আধুনিকতাৰ ধামখুমীয়াত পৰম্পৰা ৰক্ষাৰ চেষ্টাৰ মাজেৰে শাৰদীয় দুর্গোৎসৱক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে এক উখল-মাখল পৰিৱেশ। ঢাক-ঢোলৰ শব্দৰে মুখৰিত হৈছে চৌদিশ।

আজি ষষ্ঠীত কাত্যায়নীৰ ৰূপত বেদীত প্রতিষ্ঠা কৰা হয় দেৱী দুর্গাক। অৱশ্যে কোনো কোনো স্থানত কালি সন্ধিয়াই দেৱীৰ বোধন পর্ব আৰম্ভ কৰা হয়। অৱশ্যে গৰিষ্ঠ সংখ্যক স্থানত আজিহে মহা যষ্ঠীৰ বেদীত দুর্গতিনাশিনীক প্রতিষ্ঠা কৰা হয় বুলি কে’বাজনো পুৰোহিতে মন্তব্য কৰে।

দুর্গা পূজাৰ সময়ছোৱাত ভক্ত-দর্শনার্থীক আকর্ষণ কৰিবলৈ ইতিমধ্যে আটকধুনীয়াকৈ সজাই তোলা হৈছে পূজাৰ মণ্ডপসমূহ। ইয়াৰ লগে লগে দেৱী দুর্গীক আদৰিবলৈ সাজু হৈছে ভক্তপ্রাণ ৰাইজ। উগ্ৰতাৰা দেৱালয়ৰ বৰদেউৰী কৈলাশ শৰ্মাই সদৰী কৰা অনুসৰি, বুধবাৰে সন্ধিয়া ছয় বজাত দুর্গা দেৱীৰ ষষ্ঠাদি কল্পাৰম্ভৰ লগতে দেৱীৰ বোধন, আমন্ত্ৰণ আৰু অধিবাস হ’ব। এইবাৰ দেৱীৰ আগমন দোলাত আৰু উভতি যাব ঘোঁৰাত।

ইয়াৰ অৰ্থ ছত্রভংগৰ যুগ বুলি উল্লেখ কৰি তেওঁ কয় যে দোলাত অহা আৰু ঘোঁৰাত উভতি যোৱা দুয়োটাই ভাল নহয়। লগতে তেওঁ কয় যে ১০ অক্টোবৰ অৰ্থাৎ বৃহস্পতিবাৰে পুৱা ৬-৩০ বজাত দেৱীৰ নৱ পত্রিকা প্রৱেশ, স্থাপন আৰু সপ্তমীৰ বিহিত পূজা আৰম্ভ হ’ব। একেদৰে শুকুৰবাৰে পুৱা ৫-৩০ বজাৰ পৰা মহাঅষ্টমীৰ বিহিত পূজা আৰম্ভ হ’ব। পুৱা ৭-১২ বজাত সন্ধি পূজা সমাপন হ’ব আৰু উক্ত দিনাই পুৱা আঠ বজাৰ পৰা মহানৱমীৰ পূজা আৰম্ভ হ’ব।

সেইদৰে ১২ অক্টোবৰ তথা শনিবাৰে পুৱা সাত বজাৰ পৰা দশমীৰ বিহিত পূজা, বিসর্জন আৰু অপৰাজিতা পূজা আৰম্ভ হ’ব বুলি শৰ্মাই মন্তব্য কৰি অৱশ্যে দেওবাৰেহে গৰিষ্ঠ সংখ্যক পূজা মণ্ডপে দেৱীৰ প্রতিমা বিসর্জন দিয়াৰ সম্ভাৱনা আছে বুলি কয়।

উল্লেখ্য যে যষ্ঠীৰ দিনটো দেৱীৰ বেলবৰণ বুলিও কোৱা হয়। জনবিশ্বাস অনুসৰি, যষ্ঠীৰ দিনটোত গণেশ, কার্তিক, লক্ষ্মী, সৰস্বতী তথা পৰিয়ালৰ স’তে এনিশা কটায় দেৱী দুর্গাই। ফলত সম্পূর্ণ আধ্যাত্মিক পৰিৱেশত আজি পূজাৰ বেদীত স্থাপিত হয় দেৱী দশভুজাৰ মৃণ্ময় প্রতিমা। ইয়াৰ লগে লগে আৰম্ভ হ’ল পাঁচদিনীয়া শাৰদীয় দুর্গোৎসৱ।

# গুৱাহাটীৰ মহানগৰীৰ পূজা:

দুর্গা পূজা বুলি ক’লে উত্তৰ- পূবৰ দুৱাৰ মুখ গুৱাহাটীৰ পূজাৰ মণ্ডপসমূহে এক অনন্য মাত্রা প্রদান কৰে। দেৱী বন্দনাৰ সমানে সমকালীন বিষয়বস্তুক লৈ আলোকময় হৈ জিলিকি উঠা পূজা মণ্ডপৰ কমিটীসমূহে এইবাৰো ভক্তক এক উছাহভৰা আনন্দ তথা পৰিৱেশ দিবলৈ চেষ্ট অব্যাহত ৰাখিছে।

ৰাজধানী চহৰখনত সৰু-বৰ প্ৰায় ছয় শতাধিক পূজা মণ্ডপে ইতিমধ্যে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। পাণ্ডুৰ আজাদ হিন্দ ক্লাবৰ ৭২ বৰ্ষত ভৰি দিয়া দুর্গা পূজা সমিতিয়ে এইবাৰ প্ৰায় ৩০ লাখ টকাৰ ব্যয়ৰে চীনৰ প্ৰখ্যাত হোটেল ‘গ্ৰেণ্ড লিছব’য়া’ৰ আর্হিত পূজাৰ মণ্ডপ প্ৰস্তুত কৰি উলিয়াইছে। একেদৰে ৫০ সংখ্যক মালিগাঁৱৰ সুভাষ নগৰ সাৰ্বজনীন দুর্গা পূজাৰ এইবাৰৰ মূল আকর্ষণ হৈছে ‘গংগাৰ পাৰৰ ৰূপকথা’।

ইয়াৰ উপৰি ৭৪ বৰ্ষত ভৰি দিয়া বিষ্ণুপুৰ সাৰ্বজনীন দুর্গা পূজাৰ মণ্ডপ ৰাজস্থানৰ পৌৰাণিক অট্টালিকা ‘পুৰণা হাভেলী’ৰ আর্হিত নিৰ্মাণ কৰা হৈছে। ৫০ সংখ্যক আৰ্য নগৰৰ নতুনবস্তি সার্বজনীন দুর্গা পূজা সমিতিৰ পূজাৰ মণ্ডপ ‘হেৰী পটাৰ’ৰ আৰ্হিত, ‘জগন্নাথ ৰথযাত্রা’ব আর্হিত ৫৫ সংখ্যক ভাস্কৰনগৰ সাৰ্বজনীন দুর্গা পূজাৰ মণ্ডপ, আইচিচি টি-২০ ক্রিকেট বিশ্বকাপ ট্রফীৰ আৰ্হিত কালীবাড়ী কল’নী দুর্গা পূজাৰ মণ্ডপ, লতাশিল খেলপথাৰৰ গুৱাহাটী সার্বজনীন দুর্গা পূজা মণ্ডপ নামচাইস্থিত গ’ল্ডেন পাগুডাৰ আৰ্হিত নিৰ্মাণ কৰি উলিওৱা হৈছে। একেদৰে বৃহত্তৰ কাহিলিপাৰাৰ সাৰ্বজনীন দুর্গা পূজাৰ বিষয়বস্তু হৈছে প্রকৃতি সংৰক্ষণ আৰু প্লাষ্টিক বর্জন।

আনহাতে, খানাপাৰা ফার্মগেটৰ দুর্গা পূজা, গণেশগুৰিৰ গণেশমন্দিৰ তিনিআলিৰ সাৰ্বজনীন দুর্গা পূজা, বৃহত্তৰ নাৰেংগী দুর্গা পূজা, বিষ্ণুপুৰ বিমলানগৰ দুর্গা পূজা, জাপৰিগোগ সার্বজনীন দুর্গা পূজা, ছাত্ৰীবাৰী দুর্গা পূজা, বেলতলা লক্ষ্মীমন্দিৰ সাৰ্বজনীন দুর্গা পূজা সমিতিয়ে ভিন্ন বিষয়বস্তুক লৈ পূজাৰ মণ্ডপ সাজি উলিয়াইছে।

# মহানগৰীত দুৰ্গা পূজাত গাড়ী চলাচলৰ ক্ষেত্ৰত ট্ৰেফিক আৰক্ষীৰ বিশেষ নিৰ্দেশনা :

দুৰ্গোৎসৱ উপলক্ষে মহানগৰীত যান-বাহন আৰক্ষীয়ে জাৰি কৰিলে বিশেষ নিৰ্দেশনা। অহা ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ বাহাল থাকিব এই নিদেৰ্শনা।

সামগ্ৰী কঢ়িওৱা বাহন চলাচলৰ ক্ষেত্ৰত থাকিব বাধ্যবাধকতা। পুৱা ৪ বজাৰ পৰা দিনৰ ১২ বজালৈহে প্ৰৱেশ কৰিব পাৰিব সামগ্ৰী কঢ়িওৱা বাহন। বিয়লি ২ বজাৰ পৰা নিশা ২ বজালৈ কেইবাটাও পথত ন’ এন্টি।

গণেশ মন্দিৰৰ পৰা গণেশগুৰিলৈ ডা:আৰ পি ৰোডত ওৱান ৱে ঘোষণা। জু-ৰোডৰ পৰা গণেশ মন্দিৰৰ দিশলৈ নিষিদ্ধ মালবাহী বাহনৰ প্ৰৱেশ।গণেশগুৰিৰ পৰা জু-ৰোডৰ দিশত ন’এন্টি । বেলতলা বজাৰৰ পথছোৱা হ’ব ওৱান ৱে’।
বেলতলা তিনিআলিৰ পৰা ভেটাপাৰা চাৰিআলিলৈ ওৱান ৱে’। বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলিলৈ ন’এন্টি।

নামনি অসমৰ পৰা গুৱাহাটীলৈ অহা বাহনক লৈও বিশেষ নিৰ্দেশনা। আদবাৰীলৈহে আহিব পাৰিব যাত্ৰীবাহী বাণিজ্যিক বাহন। নামনিৰ পৰা পল্টনবজাৰলৈ আহিব নোৱাৰি এএছটিচিৰ বাছ। পল্টনবজাৰৰ পৰিৱৰ্তে আইএছবিটিলৈ যাব পাৰিব বাহনসমূহ।

উজনিৰ পৰা অহা বাণিজ্যিক বাহন আইএছবিটি লৈ যাব পাৰিব। বশিষ্ঠ মন্দিৰৰ পৰা বেলতলা তিনিআলি হৈ চিটীবাছৰ সেৱা বন্ধ। বশিষ্ঠ চাৰিআলিৰ পৰা কইনাধৰা-খানাপাৰা হৈ চলিব চিটীবাছ । পাঞ্জাবাৰী-চানমাৰি-ধাৰাপুৰলৈ চিটীবাছ চলাচলৰ পথ সলনি। ভিআইপি ৰোড-নুনমাটি-চানমাৰি হৈ ধাৰাপুৰলৈ চলিব চিটীবাছ ।

ইপিনে, শাৰদীয় দুর্গোৎসৱ উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই । এক প্রেছ বার্তাত সভাপতি বৰাই পূজাৰ আনন্দ-উল্লাসে সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰে। দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু সাধাৰণ সম্পাদক মনোজ শইকীয়াই ৰাজ্যবাসীক দুর্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছে ।

Exit mobile version