AGP 40th Foundation Day Spl Programe in Dibrugarh Jeraigaon: ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ডিব্ৰুগড়ৰ চাবুৱাৰ জেৰাই গাঁৱত বর্ণিল কার্যসূচীৰে কেন্দ্ৰীয় অনুষ্ঠান, দলক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে সদস্যভৰ্তিৰ বাবে মুকল ফোন নম্বৰ, অগপৰ গৌৰৱোজ্জ্বল সংগ্ৰামী পতাকাৰ তলত সমবেত হবলৈ আহ্বান সভাপতি অতুল বৰাৰ

atul 1

AGP 40th Foundation Day Spl Programe in Dibrugarh Jeraigaon:

৪০ বছৰীয়া হ’ল অসম গণ পৰিষদ ৷ ঐতিহাসিক অসম আন্দোলনৰ পৰিসমাপ্তিত গোলাঘাট চহৰত জন্মলাভ কৰা অসমৰ একমাত্ৰ শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ দলৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ৰাজ্যজুৰি উদযাপন কৰাৰ লগতে ডিব্ৰুগড় জিলাৰ চাবুৱাত কেন্দ্ৰীয় ভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়।

দলটোৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সমিতিৰ সহযোগত আৰু চাবুৱা সমষ্টি সমিতিৰ উদ্যোগত জেৰাই ৰজা চুক খেলপথাত বিশাল দিনযোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা প্ৰতিষ্ঠা দিৱসত ৰাতিপুৱা প্ৰভাতী সংগীত, দলীয় নেতৃত্বক সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি অনাৰ পিছত দলৰ পতাকা উত্তোলন কৰে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। শ্বহীদ তৰ্পন কাৰ্য্যসূচী মুকলি কৰে কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই। শ্বহীদ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সতীৰ্থ সোৱঁৰণ কাৰ্য্যসূচী মুকলি কৰে জ্যেষ্ঠ নেতা তথা লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে।

কেইবা সহস্ৰাধিক দলীয় সদস্য, বিষয়ববীয়া আৰু শুভাকাঙ্খী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে সভাপতি তথা মন্ত্ৰী অতুল বৰাই। সভাপতিৰ ভাষণ বৰাই অসম গণ পৰিষদৰ প্ৰগতিশীল জাতীয়তাবাদী দৰ্শনে জনসাধাৰণৰ আত্মবিশ্বাস বৃদ্ধিৰ মূল কাৰক। বৰাই কয় যে, জন্মৰ আঁৰত অসম গণ পৰিষদৰ সংগ্ৰাম আৰু ত্যাগ আছে।বৰাই জাতীয় শ্বহীদ সকলক স্মৰন কৰি আজি ডিব্ৰুগড়ৰ চাবুৱাৰ জেৰাই গাঁৱত আয়োজিত অগপৰ ৪০তম প্ৰতিষ্ঠা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলোকে শ্ৰদ্ধা জনোৱাৰ লগতে সকলো দলীয় কৰ্মীকে প্ৰতিষ্ঠা দিৱস উপলক্ষে অভিনন্দন জ্ঞাপন কৰে।

বৰাই এই ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱসত দলৰ গৌৰৱময় পতাকাৰ তলত থিয় হৈ পুনৰবাৰ অসমৰ জাতীয় জীৱন, জাতীয়তাবাদক শক্তিশালী কৰাৰ অঙ্গীকাৰ প্ৰকাশ কৰে। অসম মাতৃৰ বুকুত আঞ্চলিকতাবাদৰ পতাকা সগৌৰৱেৰে ধৰি অসমৰ ৰাইজৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি দোহাৰি বৰাই কয় যে, দলে অসমৰ স্বাৰ্থত জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ অসমৰ ৰাইজক সেৱা কৰি যাব। অসমৰ খিলঞ্জীয়া জনসাধাৰণ সুৰক্ষা আৰু ৰাজ্যখনৰ বিকাশৰ বাবে দলৰ প্ৰতিগৰাকী সদস্য দায়বদ্ধ বুলি উল্লেখ কৰি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী আৰু ধৰ্মালম্বী লোকৰ মাজত বিশ্বাস আৰু একতাৰ মাজেৰে অসমৰ জাতীয় সমস্যাসমূহ সমাধানৰ বাবে দলে কাম কৰি যাব বুলিও সভাপতি বৰাই মন্তব্য কৰে। দিন বাগৰাৰ লগে লগে আঞ্চলিকতাবাদৰ প্ৰাসংঙ্গীকতা আৰু গুৰুত্ব অধিক বৃদ্ধি পাইছে বুলি মতপোষণ কৰি বৰাই সকলো দলীয় সদস্যকে জনসাধাৰণৰ কাষত থাকি দলৰ হকে কাম কৰিবলৈ আহ্বান জনায়।

দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে, দলৰ তৃণমূল সদস্যসকল হৈছে দলটোৰ মূল চালিকা শক্তি। দলক সৰ্বস্তৰতে শক্তিশালী কৰা তৃণমূল পৰ্য্যায়ৰ সদস্যসকলৰ ভূমিকা অপৰিসীম বুলি উল্লেখ কৰি মহন্তই কয় যে, সভাপতি অতুল বৰাৰ নেতৃত্বত অসম গণ পৰিষদ দল এক ঐক্যবদ্ধ শক্তি। অসমৰ প্ৰতিটো জাতীয় বিষয়ত দলে অতি গুৰুত্ব সহকাৰে আৰু ধাৰাবাহিক ভাৱে ভূমিকা গ্ৰহণ কৰি আহিছে। অসম গণ পৰিষদ দল এক আঞ্চলিকতাবাদী দল হলেও দলৰ এক সৰ্বভাৰতীয় দৃষ্টিভঙ্গী আছে। ৰাজ্যখনৰ উন্নয়ণৰ স্বাৰ্থত, ৰাজ্য খনৰ সমস্যাসমূহ সমাধানৰ স্বাৰ্থত সময়ৰ আহ্বান দলে মানি চলিবলগীয়া হৈছে। দলে মূল লক্ষ্য আৰু আদৰ্শৰ পৰা বিচলিত নোহোৱাকৈ আগবাঢ়ি যাবলৈ বদ্ধপৰিকৰ বুলি মহন্তই মন্তব্য প্ৰকাশ কৰে।

আদৰণি ভাষণ প্ৰদান কৰে বিধায়ক তথা সাধাৰণ সম্পাদক পোনাকণ বৰুৱাই। উদ্দেশ্য ৰাখ্যা কৰে সাংসদ তথা সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য। মুকলি সভাত দলৰ জ্যেষ্ঠ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰী, প্ৰবীন হাজৰিকা, ভূপেন ৰায়, সুনীল ডেকা, সুনীল ৰাজকোৱঁৰ, তোলন কোৱঁৰ, ড: তপন দাস, জ্যোতিমণি মৰাণ, উপ-সভাপতি কুমাৰ দীপক দাস, পৃথ্বীৰাজ ৰাভা, জ্যোতিষ দাস, তুলসী গগৈ, দিগন্ত শইকীয়া, পুতুল সোণোৱাল, পুতুল বৰুৱা, মামনি বৰা, অপূৰ্ব ভট্টাচাৰ্য্য, বিত্ত সম্পাদক জয়ন্ত খাউণ্ড, বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱা,ভাতৃ-ভগ্নী সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, সাধাৰণ সম্পাদককে ধৰি দলটোৰ সকলো শীৰ্ষ নেতৃত্ব আৰু জিলা সমিতি সমূহ, সমষ্টি সমিতিসমূহৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে।

উল্লেখ্য যে,১৯৮৫ চনৰ আজিৰ দিনটোতে আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ জন্ম হৈছিল ৷ আজি দলটোৰ গৌৰৱোজ্জ্বল ৪০সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ ল’বৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অগপৰ নেতা-কৰ্মীৰ উপস্থিতিত উখলমাখল পৰিবেশৰ সৃষ্টি হৈছে জেৰাই গাঁৱত ৷  মনকৰিবলগীয়া যে,এই জেৰাই গাঁৱৰে সন্তান আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱা ৷

আনহাতে অসম গণ পৰিষদ দলৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস নলবাৰী, জালুকবাৰী, বৰপেটা, ভৱানীপুৰ-সৰভোগ, বঙাইগাওঁ, গোলাঘাট, যোৰহাট, বোকাখাত, কলিয়াবৰ, নগাওঁ, লখিমপুৰ, বিহপুৰীয়া, মাজুলী, মৰিগাওঁ, বিশ্বনাথ, তেজপুৰ, মঙ্গলদৈ, দলগাওঁ, ছিপাঝাৰ, ছয়গাওঁ, গৌৰীপুৰ, ধুবুৰী, গোৱালপাৰা, দুধনৈ, অভায়াপুৰী, ৰঙিয়া, কমলপুৰ, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, তামুলপুৰ, ডিমৰীয়া, বৰক্ষেত্ৰী, টিহু, বজালী, হাজো, পলাশবাৰী, বকো, বিলাসীপাৰা আদি বিভিন্ন সমষ্টিত দিনযোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়।

দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত নিউ গুৱাহাটী সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত দলৰ পতাকা উত্তোলন কৰে দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই। এই উপলক্ষে মুখ্য কাৰ্য্যালয়ত বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা হয়। সন্ধিয়ালৈ মুখ্য কাৰ্য্যালয়ৰ লগতে সকলো জিলা আৰু বিধান সভা সমষ্টি সমিতিৰ কাৰ্য্যালয়ত বন্তি প্ৰজ্বলন কৰা হয়।

 

Exit mobile version