Agp Foundation Day In Ghograpar:ঘগ্ৰাপাৰৰ বৰাজোলত অগপৰ প্রতিষ্ঠা দিৱস

অসমৰ ভাষা সংস্কৃতিৰ ৰক্ষাৰ স্বাৰ্থত আঞ্চলিকতাবাদী দল অগপৰ জন্ম হৈছিল:দিলীপ কুমাৰ দাস

WhatsApp Image 2024 10 14 at 6.17.14 PM

Agp Foundation Day In Ghograpar:

অসমৰ ভাষা সংস্কৃতিৰ ৰক্ষাক স্বাৰ্থত আঞ্চলিকতাবাদী দল অগপৰ জন্ম হৈছিল । অসমীয়া জাতিটো যাতে স্বাভিমানী হিচাপে জীয়াই থাকিব পাৰে তাৰ বাবে গঠন কৰা হৈছিল অগপ দল। ৮৫৫ গৰাকী শ্বহীদৰ কেচা তেজৰ বিনিময়ত গঠন হোৱা দলটোৱে জাতিটোৰ সংকটৰ সময়ত থিয় দি এক বলিষ্ঠ পদক্ষেপ গ্রহণ কৰি আঞ্চলিকতাবাদী চৰিত্ৰ অক্ষুন্ন ৰাখি আহিছে। এই মন্তব্য অসম গণ পৰিষদ দলৰ সম্পাদক দিলীপ কুমাৰ দাসৰ।

আজি অসম গণ পৰিষদ দলৰ ৩৯ নং নলবাৰী বিধান সভা সমষ্টি সমিতিৰ উদ্যোগত পূব বনভাগ দিহজাৰী খাতিকুছি আল্লিয়া আঞ্চলিক সমিতিৰ সহযোগত আৰু বৰাজোলবাসী ৰাইজৰ আতিথ্যত ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বৰাজোল দুৰ্গা মন্দিৰ প্ৰাঙ্গণৰ দেশপ্ৰাণ নগেন শৰ্মা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয়।

কাৰ্যসূচী অনুসৰি পুৱা নৰেশ্বৰ ৰাজবংশী সোঁৱৰণী মূখ্যদ্বাৰ উন্মোচন কৰে অগপ দলৰ সাধাৰণ সম্পাদক আক্ৰাম হুছেইনে।
তাৰ পিছতে দলীয় পতাকা উত্তোলন কৰে অগপ নলবাৰী বিধান সভা সমষ্টি সমিতিৰ সভাপতি সনাতন ৰাজবংশীয়ে। তাৰ পিছতে নলবাৰী জিলাৰ অগপ দলৰ জ্যেষ্ঠ নেতা তথা অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া সকলে দলীয় পতাকা উত্তোলন কৰে। তাৰ পিছতে সম্পাদকদ্বয় ব্ৰজেন চন্দ্ৰ শৰ্মা আৰু কমল চন্দ্ৰ দাসে আঁত ধৰা সভাখনৰ আৰম্ভণিতে শ্বহীদ পৰিয়ালৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্বহীদক স্মৰণ কৰে। প্ৰয়াত নগেন শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে দলীয় কাৰ্যকৰ্তাই। দিনৰ ১২ বজাত নলবাৰী বিধান সভা সমষ্টি সমিতিৰ সভাপতি সনাতন ৰাজবংশীয়ে সঞ্চালনা কৰা সভাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অগপ নলবাৰী জিলা সমিতিৰ প্ৰাক্তন সভাপতি ডঃ ফটিক চন্দ্ৰ শৰ্মাই।

সভাত আমন্ত্ৰিত অতিথিৰ ভাষণ দিয়ে অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আক্ৰাম হুছেইনে | সভাত অগপৰ সাধারণ সম্পাদক ধৰ্মেশ্বৰ ৰায়, নলবাৰী জিলা অগপৰ সভাপতি আনন্দ ৰাজবংশীয়ে ভাষণ দিয়ে।

সভাত নলবাৰী বিধান সভা সমষ্টি সমিতিৰ উপদেষ্টা ডঃ বীৰেন কুমাৰ চক্ৰৱৰ্তী, জ্যেষ্ঠ অগপ নেতা গিৰীন্দ্ৰ তালুকদাৰ, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহ সদস্য কেশৱ চন্দ্ৰ ডেকা আদি উপস্থিত থাকে। অগপ দলৰ প্ৰতিষ্ঠা দিৱসৰ সভাখনত নলবাৰী সমষ্টিৰ অন্তৰ্গত কেইবাজনো জ্যেষ্ঠ অগপ নেতাৰ লগতে ছহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে নলবাৰী বিধান সভা সমষ্টি আৰু আদৰণি সমিতিয়ে।সভাৰ অন্তত উদযাপন সমিতিৰ সভাপতি গৌৰীকান্ত দাসে শলাগৰ শৰাই আগবঢ়াই।

Exit mobile version