Gmch:জিএমচিএইছত তেজ দালালৰ ৰমৰমীয়া বেহা !

দুহেজাৰ টকাত বিক্ৰী হয় তেজ, ৰাইজৰ তৎপৰতাত আটক দুই তেজৰ দালালক

GMCH

Gmch:

গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত যদি আপুনি তেজ সংগ্ৰহ কৰিম বুলি ভাবিছে৷ তেন্তে হওক সাৱধান ৷ বিশেষকৈ অচিনাকি লোকৰ পৰা তেজ সংগ্ৰহ কৰোঁতে এবাৰ হ’লেও ভাবি চাব৷ কিয়নো আপুনি সংগ্ৰহ কৰা তেজ কিমান সুৰক্ষিত। কাৰণ ৰাজ্যৰ অন্যতম চিকিৎসা মহাবিদ্যালয় খনত শেহতীয়াকৈ তেজৰ দালালৰ ৰমৰমীয়া বেহা অব্যাহত এটা দুষ্ট চক্ৰই

এই দুষ্ট চক্ৰই যোগান ধৰা দুই যুৱকে তেজ দিবলৈ আহি ধৰা পৰে আজি পুৱাভাগত ৷ কিয়নো তেজ দিবলৈ অহা এজন যুৱকক তেজ লোৱাৰ আগতে নিয়মমাফিক তেজ পৰীক্ষাত ধৰা পৰে এইছ আই ভি পজিটিভ ৰিৰ্পট ৷

উল্লেখ্য যে,এইছ আইভি পজিটিভ লোকজনে এমাক পূৰ্বে জিএমচিএইছত প্ৰদান কৰিছিল তেজ। ইতিমধ্যে আৰক্ষীৰ জালত পৰা তেজ প্ৰদান কৰা দালাল দুজনৰ নাম ইউনিছ আলী আৰু লালবাহাদুৰ শ্বেখ।

ধৃত যুৱকজনে সদৰি কৰা মতে,তেওঁলোকক এজন লোকক তেজ প্ৰদানৰ বাবে আনিছিল। ইয়াৰ বাবদ পাইছিল দুহেজাৰ টকা। অথচ আটকাধীন এজন এইছআই ভি পজিটিভ ।

Exit mobile version