Ghagrapar Lakhipuja Celebration:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিলপাৰ গাঁৱৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীবাসুদেৱ গোহাঁই ঘৰ প্ৰাংগণত বাসুদেৱ গোসাঁই ঘৰ পৰিচালনা সমিতি আৰু শ্ৰীশ্ৰীলক্ষ্মী পূজা উদযাপন সমিতিৰ সহযোগত বিগত বছৰসমুহৰ দৰে এইবাৰো ১৬ আৰু ১৯ অক্টোবৰত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে শ্ৰীশ্ৰীলক্ষ্মী পূজাখনি উদযাপনৰ কৰা হ’ব বুলি বাসুদেৱ গোসাঁই ঘৰ পৰিচালনা সমিতিৰ সভাপতি যতীন ডেকা আৰু সাধাৰণ সম্পাদক জয়ন্ত চৌধুৰীয়ে জানিব দিয়ে।
কাৰ্যসূচী অনুসৰি আজি পুৱা শ্ৰীশ্ৰী বাসুদেৱ গোসাঁই ঘৰৰ বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভণি কৰে গোসাঁই ঘৰৰ দৈউৰী দ্বীপেন ডেকাই। ইয়াৰ পাছতে ধৰ্মীয় পতাকা উত্তোলন, শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ। ৰাতিপুৱা ৮-৩০ বজাত স্মৃতি সৌধত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে ক্ৰমে বিলপাৰ বালক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ বৈশ্য আৰু সমাজসেবক যতীন দাসে।
পুৱা ৯ বজাত বিশিষ্ট ব্যক্তিৰ দ্বাৰা গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয় । সন্ধিয়া ৪ বজাত মুল মন্দিৰৰ বন্তি প্ৰজ্বলন।সন্ধিয়া ৪-৩০ বজাত গোসাঁই ঘৰৰ মুখ্য দ্বাৰ আৰু পূজা মণ্ডপৰ দ্বাৰ উন্মোচন।
সন্ধিয়া ৪-৪৫ বজাৰত প্ৰতিমা স্থাপন। সন্ধিয়া ৫-১৫ বজাত পূজা মণ্ডপৰ বন্তি প্ৰজ্বলন । সন্ধিয়া ৫-৩০ বজাত সমুহীয়া বন্তি প্ৰজ্বলন ।সন্ধিয়া ৫-৪৫ বজাত স্থানীয় আয়তীৰ নাম পৰিৱেশন। সন্ধিয়া ৬-৩০ বজাত পূজা আৰম্ভ।
সন্ধিয়া ৭ বজাত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা অনুষ্ঠান।।নিশা ১০ বজাত পুস্পাঞ্জলি আৰু শান্তি প্ৰদান।নিশা ১০-৩০ বজাত প্ৰসাদ বিতৰণ।নিশা ১১ বজাত মহাভোগ বিতৰণ।
১৯ অক্টোবৰ অৰ্থাৎ অন্তিম দিনা পুৱা শ্ৰীশ্ৰী বাসুদেৱ গোসাঁই ঘৰৰ বন্তি প্ৰজ্বলন । সন্ধিয়া ৫-৩০ বজাত নাগাৰা নাম পৰিৱেশন কৰিব ক্ৰমে বিশিষ্ট পাঠক দ্বয় ক্ৰমে পংকজ তালুকদাৰ আৰু বৰষাৰাণী দাসে।






























