Internationally renowned naturalist Yadav Payeng has been awarded the Jorhat Ratna Award:আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্রকৃতিবিদ যাদৱ পায়েঙলৈ যোৰহাট ৰত্ন বঁটা

jadab paeng

Internationally renowned naturalist Yadav Payeng has been awarded the Jorhat Ratna Award:

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্রকৃতিবিদ, ফৰেষ্ট মেন অৱ ইণ্ডিয়া পদ্মশ্রী যাদৱ পায়েং (মোলাই) লৈ যোৰহাট জিলা সাহিত্য সভাই আগবঢ়াইছে যোৰহাট ৰত্ন বঁটা

উল্লেখ্য যে যোৰহাট জিলা সাহিত্য সভাই প্রতি দুবছৰৰ মূৰে মূৰে প্ৰদান কৰি অহা যোৰহাট ৰত্ন বঁটা ২০২৪ৰ বাবে সভাৰ কাৰ্যনিৰ্বাহক সমিতিয়ে যাদৱ পায়েঙৰ নাম চূড়ান্ত কৰে। অহা নৱেম্বৰত যোৰহাট জিলা সাহিত্য সভাৰ এক বিশেষ অনুষ্ঠানত সম্মানীয় যোৰহাট ৰত্ন বঁটা কৰিব বুলি সম্পাদক মিতালী শইকীয়াই জনাইছে।

উল্লেখ্য যে ফৰেষ্ট মেন অৱ ইণ্ডিয়া হিচাপে সমগ্ৰ পৰিচিত এইগৰাকী অক্লান্ত কৰ্মীয়ে কে’বাদশক ধৰি যোৰহাটৰ ককিলা মুখৰ সমীপত ব্ৰহ্মপুত্ৰ নদীৰ বালিচৰত বৃক্ষৰোপণ কৰি এখন বৃহৎ অৰণ্য গঢ় দিছে। এই অৰণ্য ‘মোলাই কাঠনি’ নামেৰে জনাজাত । দেশ-বিদেশত পৰিৱেশ বিষয়ত সজাগতা সৃষ্টিৰ বাবে আয়োজিত বিভিন্ন অনুষ্ঠানলৈ তেওঁ আমন্ত্ৰিত হৈছে। ভাৰত চৰকাৰে ২০১৫ত যাদৱ পায়েঙক পদ্মশ্রী উপাধিৰে সন্মানিত কৰিছে।

উল্লেখ্য যে যোৰহাটৰ সমাজ জীৱনৰ দুগৰাকী বিশিষ্ট ব্যক্তি, নিজা অৱদানেৰে যোৰহাটক উজলাই তোলা বিশিষ্ট চিকিৎসক ডাঃ দেৱীচৰণ ঠাকুৰ আৰু বিশিষ্ট ভাষাবিদ, অসম সাহিত্য সভাৰ প্রাক্তন প্রধান সম্পাদক ড: বসন্ত কুমাৰ গোস্বামীক সেই অনুষ্ঠানতে বিশেষভাবে সম্মানিত কৰা হ’ব।

Exit mobile version