Nagaon Dist administration has started preparations for the by-elections in the Samaguri assembly constituency:চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ জিলা প্ৰশাসনৰ

উপ-নির্বাচনত সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা ১,৮০,৪৪৮ গৰাকী, ৰাজনৈতিক দল-সাংবাদিকৰে বৈঠক জিলা আয়ুক্তৰ

nagaon dc scaled

Nagaon Dist administration has started preparations for the by-elections in the Samaguri assembly constituency:

নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সমাগত ৮৮ নম্বৰ চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সন্দৰ্ভত সাংবাদিকসকলৰ স’তে এখন বিশেষসভা অনুষ্ঠিত হয়। জিলা আযুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপ- নির্বাচনত সংবাদকর্মীসকলৰ ক্ষেত্রত প্রযোজ্য নীতি- নির্দেশনাসমূহৰ বিষয়ে অৱগত ক্ৰাৰ লগতে নিৰ্বাচনত সহায়- সহযোগিতা কামনা কৰে জিলা প্রশাসনে।

জিলা আয়ুক্ত শ্বাহে উল্লেখ কৰে যে চামগুৰি সমষ্টিত এইবাৰৰ উপ-নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ১,৮০,৪৪৮ গৰাকী। ইয়াৰে ৯১,৩০৪ জন পুৰুষ, ৮৯,১৩৩ গৰাকী মহিলা আৰু ১১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। সমষ্টিটোত ১৯৭টা ভোটগ্রহণ কেন্দ্ৰত ১৩ নৱেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ’ব । নির্বাচনত অৱতীর্ণ হ’বলগীয়া প্রার্থীসকলৰ মনোনয়নপত্র ১৮ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ গ্ৰহণ কৰা হ’ব।

২৮ অক্টোবৰত মনোনয়ন পত্রসমূহ পৰীক্ষা আৰু মনোনয়নপত্র প্রত্যাহাৰৰ অন্তিম দিন হৈছে ৩০ অক্টোবৰ। লগতে জিলা আয়ুক্তজনে কয় যে এইবাৰ ম’বাইল এপৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব আৰু ৯০ মিনিটৰ ভিতৰত অভিযোগ নিষ্পত্তি কৰাৰ চেষ্টা কৰিব। ইভিএম কঢ়িয়াই অনা বাহনত জিপিএছ ব্যৱস্থা থাকিব বুলি আয়ুক্তজনে সদৰী কৰে।

আনহাতে, জিলাখনৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই নিৰাপত্তা দিশটো তিনিটা জ’নত বিভক্ত কৰা হৈছে বুলি উল্লেখ কৰি শান্তিপূর্ণভাবে নির্বাচন অনুষ্ঠিত কৰিবলৈ জিলা আৰক্ষী-প্রশাসনে সম্ভৱপৰ সকলো ব্যৱস্থা গ্রহণ কৰিব বুলি কয়।

ইফালে, জিলা আয়ুক্তজনে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ স’তে আন এখন বৈঠকত মিলিত হয়। বৈঠকত আইন শৃংখলা আৰু নিৰ্বাচনী আচৰণ বিধিৰ নীতি নিয়মসমূহৰ বিষয়ে অৱগত কৰাৰ লগতে বিশদভাবে আলোচনা কৰা হয়। জিলা আয়ুক্তজনে উল্লেখ কৰে যে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নিৰ্বাচনী আচৰণ বিধি সমগ্র জিলাখনতে প্রযোজ্য হ’ব।

Exit mobile version