Train crashes in Dima Hasao:ডিমা হাছাওত ৰে’ল দুৰ্ঘটনাগ্ৰস্ত

আগৰতলা-মুম্বাই লোকমান্য তিলক এক্সপ্ৰেছৰ ৭টা ডবা লাইনচ্যুত, কে'বাজনো ৰে'লোযাত্ৰী আহত

dima hasau new

Train crashes in Dima Hasao:

পাৰ্বত্য জিলা ডিমা হাছাওত যাত্ৰীবাহী ৰে’ল দুৰ্ঘটনা গ্ৰস্ত ৷ ১২৫২০ নং আগৰতলা-মুম্বাই লোকমান্য তিলক এক্সপ্ৰেছৰ ইঞ্জিনসহ সাতটাকৈ ডবা লাইনচ্যুত হয় ৷

লামডিং ৰে’ল ডিভিজনৰ অন্তগৰ্ত দিবালং ক্ৰছিং পইণ্টত আজি বিয়লী ৪-২০ বজাত সংঘটিত হয় এই ৰে’ল দুৰ্ঘটনা। দুৰ্ঘটনাটোত আহত হয় কে’বাজনো যাত্ৰী । ইয়াৰে এজন যাত্ৰীৰ অৱস্থা গুৰুতৰ হোৱাত তেওঁক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় লামডিং ৰে’ল হাস্পতাললৈ।

উল্লেখ্য যে যাত্ৰীবাহী ৰে’ল খন দুৰ্ঘটনাগ্ৰস্ত হোৱাত ১৩১৭৪ চাব্ৰুম-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ খন মাইবঙত ৰখাবলগীয়া হয় ৷ একেদৰে দুৰ্লভচেৰা-গুৱাহাটী ৰে’লখন নিউ হাফলত ৰখাবলগীয়া হয় ৷

আনহাতে দুৰ্ঘটনাগ্ৰস্ত লোকমান্য তিলক এক্সপ্ৰেছৰ লাইনচ্যুত হোৱা ডবা কেইটা ৰে’ল লাইনৰ পৰা উঠাবলৈ ইতিমধ্যে লামডিং ডিভিজনৰ বিশেষ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে ৷

Exit mobile version