Two wardens suspended In Morigaon Dist Jail:মৰিগাঁও জিলা কাৰাগাৰৰ দুই ৱাৰ্ডেনক নিলম্বন কাৰাগাৰ মুখ্যালয়ৰ

কাৰাগাৰৰ দেৱাল পাৰ হৈ পলায়ন কৰিছিল POCSO গোচৰত কাৰাবাস খাটি থকা ৫ অপৰাধীয়ে

morigaon jail

Two wardens suspended In Morigaon Dist Jail:

মৰিগাঁও জিলা কাৰাগাৰৰ দুই ৱাৰ্ডেনক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰে অসম কাৰাগাৰ মুখ্যালয়ে ৷

উল্লেখ্য যে যোৱা ১১ অক্টোবৰৰ নিশা মৰিগাঁও জিলা কাৰাগাৰৰ পৰা অতি কৌশলৰে পলায়ন কৰিছিল POCSO গোচৰত কাৰাবন্দী হৈ থকা পাঁচজনকৈ কয়দী ৷ আনহাতে এই ঘটনাৰ সংঘটিত হোৱাৰ সময়ত কাৰাগাৰত কৰ্তব্যৰত হৈ আছিল দুই ৱাৰ্ডেন অনুপ মালাকাৰ আৰু তপন ভূঞা ৷

কাৰাৰুদ্ধ পাঁচ কয়দীৰ পলায়নৰ পিছতে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় জেলত ৷ আৰক্ষীয়ে কয়দী কেইজনৰ সন্ধানত অভিযান আৰম্ভ কৰাৰ মাজতে লাহৰিঘাটৰ এখন বিলত মৃত অৱস্থাত উদ্ধাৰ কৰে আব্দুল লটিফ নামৰ কয়দীজনৰ মৃতদেহ | অৱশ্যে আন চাৰিজনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷
স্মতৰ্ৱ্য যে,কয়দী কেইজনে ওখ দেৱালত বেডকভাৰ ,কম্বল আৰু লুঙিৰে ৰচী প্ৰস্তুত কৰি কাৰাগাৰৰ পৰা পলায়ন কৰিছিল ৷ সেই সময়ত সুউচ্চ টাৱাৰত পহৰাৰত হৈ আছিল ৰাইফলধাৰী নিৰাপত্তাৰক্ষী |

মনকৰিবলগীয়া যে,জিলা কাৰাগাৰৰ বাহিৰে- ভিতৰে জেলৰক্ষীয়ে গিজগিজাই থকাৰ মাজত কেনেকৈ কয়দী কেইজনে পলাবলৈ সক্ষম হ’ল সেইয়া এতিয়া লাখটকীয়া প্ৰশ্ন ৷ ইতিমধ্যে কাৰাগাৰৰ উৰ্ধতম কৰ্তৃপক্ষই ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version