12-year-old boy sets a record by typing 90 words per minute on a computer:কম্পিউটাৰত এক মিনিটত ৯০ টাকৈ শব্দ টাইপ কৰি ১২ বছৰীয়া কিশোৰৰ অভিলেখ

গোসাইগাঁৱত এজন কিশোৰৰ অসাধাৰণ প্ৰতিভা

gossaigaon

12-year-old boy sets a record by typing 90 words per minute on a computer:

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত এজন ১২ বছৰীয়া কিশোৰৰ অসাধাৰণ প্রতিভাই সকলোকে আচৰিত কৰি তুলিছে। আবু হামজা হুছেইন নামৰ এই কিশোৰজনে মাত্র ১২ বছৰ বয়সতে অনন্য প্রতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। তেওঁ কম্পিউটাৰত দুৰন্ত গতিত শব্দমালা টাইপ কৰি খলকনিৰ সৃষ্টি কৰিছে কম্পিউটাৰ জগতত।

গোসাঁইগাঁও সদৰ চহৰৰ পদ্মবিলৰ বাসিন্দা আবু হামজা হুছেইনে সকলোকে চমকিত কৰি প্রতি মিনিটত ৯০ টা শব্দ টাইপ কৰি দেশৰ ভিতৰতে সর্বাধিক শব্দ টাইপ কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। তেওঁৰ এই কৃতিত্ব যে অভিলেখ সৃষ্টি কৰিব সেয়া কেৱল সময়ৰ অপেক্ষা। অভিলেখ গঢ়াৰ আনুষ্ঠানিকতাহে বাকী আছে।

গোসাঁইগাঁও মহকুমাৰ সদৰ চহৰৰ সমীপৰ পদ্মবিলৰ বাসিন্দা তথা অৰুণাচল প্ৰদেশৰ নেহৰু যুব কেন্দ্রৰ অ’এছডি হিচাপে কৰ্মৰত দেলোৱাৰ হুছেইন আৰু মাতৃ মামুদা বেগমৰ পুত্র আবু হামজাই সম্প্রতি প্রতি মিনিটত নির্ভুলকৈ টাইপ কৰিব পাৰে ৯০ টাকৈ শব্দ। আনকি কম্পিউটাৰৰ কিব’র্ড সম্পূর্ণকৈ ঢাকি দিয়াৰ পাছতো কিব’র্ড নোচোৱাকৈ নির্ভুলকৈ ৬০ টা শব্দ টাইপ কৰি আন এক প্রতিভাৰ পৰিচয় দিছে অনন্য প্রতিভাৰ কিশোৰ আবু হামজাই।

গোসাঁইগাঁৱৰ ছেন্ট এন্থনিজ ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ এই প্রতিভাধৰ কিশোৰজনে শ্রেণীকোঠাত মেধাৰ পৰিচয় দিয়াৰ সমান্তৰালভাৱে পৱিত্ৰ কোৰান শ্বৰীফ ইংৰাজী ভাষাত অধ্যয়ন কৰিও নিজৰ প্ৰতিভাৰ আন এক চানেকি দাঙি ধৰিছে। মাত্র ডেৰ বছৰৰ পূৰ্বৰ পৰা কম্পিউটাৰৰ প্রতি হঠাতে আগ্রহী হোৱা কিশোৰজনে নিজৰ জ্যেষ্ঠ ভ্রাতৃ কম্পিউটাৰ ইঞ্জিনিয়াৰক চেৰ পেলাই বিখ্যাত হৈ পৰিছে।

কর্মসূত্রে কলকাতাত থকা কম্পিউটাৰ বিশেষজ্ঞ জ্যেষ্ঠ ভ্রাতৃয়ে প্রতি মিনিটত ৭০ টা শব্দ টাইপ কৰিবলৈ সক্ষম যদিও জ্যেষ্ঠ ভ্রাতৃতকৈ এখোপ চৰা কনিষ্ঠ ভ্রাতৃয়ে টাইপ কৰে প্রতি মিনিটত ৯০ টা শব্দ। তথ্য মতে, কম্পিউটাৰত বিশেষ দক্ষতা আৰু আগ্রহ দেখি পিতৃয়ে পাঁচ মাহ পূর্বে এটা অত্যাধুনিক কম্পিউটাৰ ক্ৰয় কৰি দিয়াৰ পাছতে আবু হামজাই প্রতিদিনে বিদ্যালয়ৰ নিয়মীয়া অধ্যয়ন কৰাৰ লগতে কম্পিউটাৰত ব্যস্ত হৈ পৰে।

এতিয়া প্রতিদিনে দুই-তিনি ঘন্টা কম্পিউটাৰত সময় ব্যয় কৰি এই বয়সতে বিৰল প্রতিভাৰ অধিকাৰী হোৱাৰ দিশে ধাবমান হৈছে। সদ্যহতে কম্পিউটাৰত অনলাইন গেম খেলি পর্যায়ক্রমে ১৮ হেজাৰ টকা পুৰস্কাৰ লাভ কৰাৰ উপৰি আমেৰিকাৰ এজন প্রখ্যাত খেলুৱৈক পৰাজিত কৰি আন এক কৃতিত্ব গঢ়িছে কিশোৰ আবু হামজাই।

উল্লেখ্য যে এই কিশোৰজন কোনো বিশেষজ্ঞৰ সহায় অবিহনে এই বিদ্যা আহৰণ কৰিছে। কিশোৰজনে যদি উপযুক্ত প্রশিক্ষণ লাভ কৰাৰ সুযোগ পায় তেনেহ’লে তেওঁ বিশ্বৰ ভিতৰত এক বিৰল কৃতিত্বৰ অধিকাৰী হ’বলৈ সক্ষম হ’ব বুলি বিদ্বৎ মহলত চর্চিত হৈছে।

Exit mobile version