8th Chalchitram National Film Festival is being held at Jyoti Chitraban:গুৱাহাটীৰ জ্যোতি চিত্ৰবনত ২৬ আৰু ২৭ অক্টোবৰত ৮ তম চলচ্চিত্ৰম্ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 

আগ্ৰহীসকলে ডেলিগেট হিচাপে পঞ্জীয়ন কৰিব পাৰিব

jyoti citraban

8th Chalchitram National Film Festival is being held at Jyoti Chitraban:

গুৱাহাটী মহানগৰীৰ জ্যোতি চিত্ৰবনত বিগত বৰ্ষৰ দৰে এইবাৰো ২৬ আৰু ২৭ অক্টোবৰ, ২০২৪ত ৮তম চলচ্চিত্ৰম্ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ’ব। মহোৎসৱৰ আয়োজকসকলে জনোৱা অনুসৰি উত্তৰ-পূৰ্বাঞ্চলকে ধৰি ভাৰতৰ আন ৰাজ্যৰ ৫০ খন চলচ্চিত্ৰ তথা তথ্যচিত্ৰ এই মহোৎসৱত প্ৰদৰ্শন কৰা হ’ব।

এই চলচ্চিত্ৰম্ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আগ্ৰহী সকলে ডেলিগেট হিচাপে পঞ্জীয়ন কৰি চলচ্চিত্ৰ চাব পাৰিব। ইচ্ছুক লোকসকলে এই পঞ্জীয়ন সন্দৰ্ভত অধিক জানিবলৈ http://www.chalachitram.inত ল’গ ইন কৰিব পাৰে। মহোৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগীতাও আয়োজন কৰা হ’ব।

দুদিনীয়াকৈ আয়োজন কৰা এই মহোৎসৱত চলচ্চিত্ৰ জগতৰ সৈতে জড়িত দেশৰ আগশাৰীৰ গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকিব বুলিও আয়োজক সকলে অৱগত কৰিছে।

Exit mobile version