Advance ticket purchase rules for long distance trains have been changed:দূৰণিবটীয়া ৰেলৰ অগ্রিম টিকট ক্ৰয়ৰ ক্ষেত্ৰত সলনি নিয়ম !

ticket booking

Advance ticket purchase rules for long distance trains have been changed:

দূৰণিবটীয়া ৰেলৰ টিকট বুকিঙৰ সময়সীমা সলনি কৰা হ’ল। এতিয়াৰে পৰা দেশত ১২০ দিন পূর্বে দুৰণিবটীয়া ৰেলৰ টিকট বুকিং কৰিব পৰা নাযাব।

ভাৰতীয় ৰেল বিভাগে দূৰণিবটীয়া ৰেলৰ অগ্রিম টিকট ক্রয়ৰ সময়সীমা ৬০ দিনালৈ হ্রাস কৰিলে। অর্থাৎ এতিয়াৰে পৰা যাত্রীয়ে যাত্ৰাৰ ৬০ দিন পূর্বে দূৰণিবটীয়া ৰেলৰ টিকট অগ্রিম   বুকিং কৰিব পাৰিব।

নতুন বিজ্ঞপ্তি অনুসৰি যাত্ৰীৰ সুবিধার্থে টিকট বুকিঙৰ সময়সীমা চাৰি মাহৰ পৰিবৰ্তে দুমাহলৈ হ্ৰাস কৰা হ’ব। এক নৱেম্বৰৰ পৰা এই নতুন নিয়ম কার্যকৰী হ’ব। অৱশ্যে ৩১ অক্টোবৰ পর্যন্ত পুৰণি নিয়মত অগ্রিম টিকট কটা বৈধ বিবেচিত হ’ব।

টিকট বাতিল ৬০ দিন পূর্বে কৰিব পাৰিব। অৱশ্যে বিদেশীৰ ক্ষেত্ৰত ৩৬৫ দিন পূর্বে দুৰণিবটীয়া ৰেলৰ টিকট বুকিং প্রক্রিয়া অব্যাহত থাকিব। ৰেল বিভাগৰ মতে, এই নতুন নিয়মৰ ফলত ৰেল যাত্রীসকলে অধিক চিন্তা অবিহনে দুমাহ পূর্বে ৰেলৰ টিকট বুকিঙৰে ভ্ৰমণ কৰাৰ সুবিধা লাভ কৰিব।

Exit mobile version