19 BJP MLAs declare revolt against Manipur Chief Minister:সংকটত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিদ্ৰোহ ১৯বিজেপি বিধায়কৰ

manipur cm

19 BJP MLAs declare revolt against  Manipur Chief Minister:

সংকটত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা ১৯বিজেপি বিধায়কৰ ৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰকাশ কৰা ১৯ বিধায়কে ইতিমধ্যে ছয় পৃষ্ঠাজোৰা বিশেষ পত্ৰ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ৷

ৰাজ্যৰ শান্তি ঘূৰাই অনাত সম্পূৰ্ণৰূপে মুখ্যমন্ত্ৰী ব্যৰ্থ হোৱাৰ অভিযোগ কৰি বিসম্বাদী বিধায়ক সকলে শীৰ্ঘেই মুখ্যমন্ত্ৰী পদৰ পৰা এন বীৰেন সিঙক আতৰোৱাৰ দাবী কৰে।

বিসম্বাদী বিধায়ক সকল মেইটেই, কুকি আৰু নগা জনগোষ্ঠীৰ বিধায়কে ৷ তেওঁলোকৰ নেতৃত্ব লয় মণিপুৰ বিধানসভাৰ অধ্যক্ষ সত্যব্রত সিঙে ৷

উল্লেখ্য যে প্ৰধানমন্ত্ৰীলৈ দিয়া পত্ৰ খনত স্বাক্ষৰ কৰিছে কে’বা গৰাকী মন্ত্ৰীয়ে ৷ ষাঠিজনীয়া বিধানসভাত শাসনাধিষ্ঠ বিজেপিৰ বিধায়কৰ সংখ্যা ৩২ ৷

Exit mobile version