Deepika Padukone is the most beautiful woman in the world:বিশ্বৰে সবাতোকৈ সুন্দৰীৰ তালিকাত দীপিকা পাডুকন

১০ গৰাকীৰ সৰ্বোচ্চ স্থান দখল ব্রিটিছ অভিনেত্রী জুডি ক'মেৰৰ

padukan 1 1

Deepika Padukone is the most beautiful woman in the world:

বিশ্বৰে ১০ সবাতোকৈ সুন্দৰীৰ তালিকাত স্থান লাভ কৰিলে বলিউদৰ মোহময়ী অভিনেত্রী দীপিকা পাডুকনে। জনপ্রিয় অভিনেত্ৰী গৰাকীয়ে তালিকাখনত নৱম স্থান দখল কৰিছে। ‘সোণালী অনুপাত’ (গ’ল্ডেন বেচিশ’) শীর্ষক এক প্রাচীন গ্রীক ধাৰণাৰ ভিত্তিত ব্রিটিছ প্লাষ্টিক ছার্জন ডাঃ জুলিয়ান ডি ছিলভাই এই তালিকা প্রস্তুত কৰে।

এই সোণালী অনুপাত ধাৰণাৰ জৰিয়তে মুখমণ্ডলৰ বিভিন্ন উপাদান যেনে নাক, চকু আদিৰ গঠনৰ সুষমতা বিচাৰ কৰা হয়। অর্থাৎ এজন ব্যক্তিৰ মুখমণ্ডলক আকর্ষণীয় কৰাত ভূমিকা পালন কৰা চকু, ওঁঠ আদিৰ গঠন এই ক্ষেত্ৰত লক্ষ্য কৰা হয়। এনে দিশ বিচাৰ কৰি ডাঃ ছিলভাই বিশ্বৰে ১০ সবাতোকৈ সুন্দৰী নাৰীৰ এক তালিকা প্ৰস্তুত কৰিছে।

ইয়াৰ পূর্বে তেওঁ বিশ্বৰে ১০ সুদর্শন পুৰুষৰো এক তালিকা প্রকাশ কৰে । এই তালিকাত ভাৰতীয় অভিনেতা শ্বাহৰুখ খানেও স্থান লাভ কৰে। সম্প্ৰতি ডাঃ ছিলভাই প্ৰকাশ কৰা বিশ্বৰে ১০ সবাতোকৈ সুন্দৰীৰ তালিকাত নৱম স্থান দখল কৰিছে অভিনেত্রী দীপিকাই। মুখমণ্ডলৰ বিভিন্ন উপাদানৰ সুষমতাৰ সাংখ্যিক মান দিয়া হয়। এই ১০ সুন্দৰীৰ তালিকাত সর্বোচ্চ স্থান দখল কৰিছে ব্ৰিটিছ অভিনেত্রী জুডি ক’মেৰে।

তেওঁ মুখমণ্ডলৰ বিভিন্ন উপাদানৰ সুষমতাৰ অনুপাত হৈছে ৯৪.৫২ শতাংশ। আনহাতে, তালিকাখনত দ্বিতীয় স্থান লাভ কৰা আমেৰিকান অভিনেত্রী জেণ্ডয়াৰ মুখমণ্ডলৰ সুষমতা হৈছে ৯৪.৩৭ শতাংশ। তৃতীয় স্থানত থকা মডেল বেলা হাডিডৰ এই সুষমতা হৈছে ৯৪.৩৫ শতাংশ। তালিকাখনত স্থান লাভ কৰা আন পাঁচগৰাকী সুন্দৰী হৈছে এৰিয়ানা গ্ৰেণ্ড (পঞ্চম), টেইলৰ ছুইফ্ট (ষষ্ঠ), জর্দান ডুন (সপ্তম), কিম কার্ডাম্বিয়ান (অষ্টম), দীপিকা পাডুকন (নৱম) আৰু হোয়েন জুং (দশম)।

আনহাতে, উক্ত তালিকাত প্রথম স্থান দখল কৰা ব্ৰিটিছ অভিনেত্রী ক’মেৰে ‘ভিলানেলী’ আৰু ‘কিলিং ইভ’ত কৰা অভিনয়ৰ বাবে বিপুল জনপ্রিয়তা অর্জন কৰি থৈছে। ১৯৯৩ত জন্মলাভ কৰা অভিনেত্ৰীগৰাকীয়ে ২০০৮ত টেলিভিছনৰ অভিনয়ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে। তেওঁৰ দ্বাৰা অভিনীত কেইখনমান ধাৰাবাহিক হৈছে ‘হলবাই চিটি’, ‘ছাইলেন্ট উইটনেছ’, ‘কামিং আপ’, ‘ল এণ্ড অৰ্ডাৰ’ আদি।

ইপিনে, ‘ওঁম শান্তি ওঁম’ আৰু ‘ৰাম লীলা’ ছবিত অভিনয়ৰ জৰিয়তে চৌদিশে ব্যাপক জনপ্রিয়তা লাভ কৰা ভাৰতীয় অভিনেত্রী দীপিকাই চকুৰ ছেলাউৰিৰ ক্ষেত্ৰত সর্বাধিক ৯৫.২ শতাংশ নম্বৰ লাভ কৰে। অৱশ্যে তেওঁ নাক আৰু কপালৰ ক্ষেত্ৰত লাভ কৰা নম্বৰ তুলনামূলকভাবে হ্রাস পায়। ফলত তালিকাখনত তেওঁৰ স্থান নিম্নগামী হয়।

তৎসত্ত্বেও তেওঁ সামগ্রিকভাৱে ৯১.২২ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, এই তালিকা সন্দৰ্ভত ডাঃ ছিলভাই সংবাদ মাধ্যমৰ আগত কয়, ‘জুডি ক’মেৰৰ মুখমণ্ডলৰ উপাদানসমূহৰ সুষমতাৰ দ্বাৰা তেওঁৰ মুখমণ্ডলৰ গঠনৰ পূৰ্ণতা প্রাপ্তি ঘটিছে। তেওঁৰ নাক আৰু ওঁঠে ৯৮.৭ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।’

Exit mobile version