Pm Modi will travel to Russia to attend the BRICS summit:ব্রীকছত অংশ ল’বলৈ ৰাছিয়ালৈ যাব মোদী

bricks

Pm Modi will travel to Russia to attend the BRICS summit:

ব্রীকছ গোষ্ঠীভুক্ত দেশৰ বৈঠকত অংশ ল’বলৈ অহা সপ্তাহত ৰাছিয়ালৈ যাব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৈদেশিক মন্ত্রণালয়ে এই কথা সদৰী কৰি জনোৱা অনুসৰি অহা ২২-২৩ অক্টোবৰত ৰাছিয়াৰ কাজান চহৰত ব্ৰীকছৰ ১৬ সংখ্যক শীর্ষ সম্মিলন অনুষ্ঠিত হ’ব। এই বৈঠকত অংশ ল’ব ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে।

বিগত চাৰি মাহত দ্বিতীয়বাৰলৈ ৰাছিয়া ভ্রমণ কৰিব মোদীয়ে। যোৱা জুলাইত অন্তিমবাৰ মোদীয়ে ৰাছিয়া ভ্রমণ কৰিছিল। উল্লেখ্য যে ভাৰতৰ লগতে ৰাছিয়া, চীন, ব্রাজিল আৰু দক্ষিণ আফ্রিকা হৈছে ব্ৰীকছৰ সদস্যভুক্ত দেশ। ব্রীকছৰ লক্ষ্য হৈছে আমেৰিকাৰ নেতৃত্বাধীন জি-৭ৰ সমকক্ষ এক আন্তর্জাতিক গোষ্ঠী তৈয়াৰ কৰা।

Exit mobile version