Ambani visited Badrinath-Kedarnath and donated Rs 5 crore:বদ্রীনাথ-কেডাৰনাথ দৰ্শন কৰি আম্বানীয়ে দিলে পাঁচ কোটি টকাৰ দান

mukesh ambani

Ambani visited Badrinath-Kedarnath and donated Rs 5 crore:

ৰিলায়েন্স ইণ্ডাষ্ট্রীজৰ মুৰব্বী মুকেশ আম্বানী বদ্রীনাথ আৰু কেডাৰনাথ ধাম দৰ্শন কৰিলে। বিশিষ্ট উদ্যোগপতিজনে মন্দিৰ দৰ্শন কৰি পাঁচ কোটি টকা দান দিলে।

বদ্রীনাথ-কেডাৰনাথ মন্দিৰ সমিতিৰ অধ্যক্ষই সদৰী কৰা অনুসৰি আম্বানীয়ে প্রথমে বদ্রীনাথ দৰ্শন কৰে আৰু তাৰ পাছত কেডাৰনাথত ভগৱানৰ আশীষ ল’লে।

দেওবাৰে পুৱা ন বজাত তেওঁ বদ্রীনাথত পূজা কৰি মাতা লক্ষ্মীক দর্শন কৰিছিল। মন্দিৰ দৰ্শনৰ পাছতে আম্বানীয়ে মন্দিৰ সমিতিক পাঁচ কোটি দুই লাখ টকাৰ এখন চেক প্রদান কৰিলে।

Exit mobile version