Bollywood actor Adil Hussain has been awarded the Anandaram Dhekial Phukan Award:আন্তৰ্জাতিক খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে প্রদান কৰে এই বঁটা

adil hussin

Bollywood actor Adil Hussain has been awarded the Anandaram Dhekial Phukan Award:

আন্তৰ্জাতিক খ্যাতিসম্পন্ন অভিনেতা তথা অসম সন্তান আদিল হুছেইনলৈ চলিত বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ৷ নগাঁৱৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ অনুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে প্রদান এই বঁটা ৷

সোমবাৰে কলেজ খনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ সভাত বলিউদৰ প্ৰথিতযশা অভিনেতা গৰাকীক আনুষ্ঠানিকভাৱে আনন্দৰাম ঢেকিয়াল ফুকন বঁটা’ প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড:ননীগোপাল মহন্তই ৷

অনুষ্ঠানটিৰ আদৰণি ভাষণ পাঠ কৰে এডিপি কলেজৰ অধ্যক্ষ ড:সদানন্দ পায়েঙে ৷ উপস্থিত থাকে নগাঁও কলেজৰ অৱসৰ প্ৰাপ্ত অধ্যাপক চেনিৰাম বৈদ্য সহ কে’বাগৰাকী বিশিষ্ট শিক্ষাবিদ ৷

Exit mobile version