Change in GST rates of multiple products: একাধিক পণ্যৰ জিএছটি হাৰ সলনি

মূল্য বাঢ়িব ঘড়ী - জোতাৰ

gst

Change in GST rates of multiple products:

বিৰোধীৰ দাবী স্বীকাৰ কৰি জীৱন বীমা প’লিচিৰ সামগ্ৰী আৰু সেৱা কৰ (জিএছটি)ৰ বৃহৎ বেহাইৰ কথা ঘোষণা কৰিলে কেন্দ্ৰৰ চৰকাৰে। প্রবীণ নাগৰিকৰ স্বাস্থ্য বীমাৰ প্রিমিয়ামত সম্পূর্ণ জিএছটি ৰেহাই দিয়া হ’ব। তদুপৰি জীবন বীমাৰ টার্ম পলিচিৰ ক্ষেত্ৰতো প্রত্যাহাৰ কৰা হ’ব জিএছটি।

যোৱা নিশ জিএছটি কাউন্সিলৰ মন্ত্ৰী পৰিষদৰ বৈঠকত একাধিক পণ্যৰ জিএছটিৰ হাৰ সলনি কৰাৰ সিদ্ধান্ত ল’লে কেন্দ্ৰৰ চৰকাৰে। ২৫ হেজাৰ টকাৰ অধিক মূল্যৰ হাত ঘড়ীৰ কৰৰ পৰিমাণ ২৮ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। বর্তমানে ২৫ হেজাৰ টকাৰ অধিক মূল্যৰ ঘড়ীত ১৮ শতাংশ জিএছটি আৰোপ কৰা হয়।

একেদৰে ১৫ হেজাৰ টকাৰ অধিক মূল্যৰ জোতাত জিএছটিৰ হাৰ বৰ্তমানৰ ১৮ শতাংশৰ পৰিৱৰ্তে ২৮ শতাংশলৈ বৃদ্ধি কৰা হ’ব। একাধিক নিত্য প্রয়োজনীয় পণ্যত জিএছটিৰ হাৰ হ্ৰাসৰ সিদ্ধান্ত লোৱা হৈছে ।

২০ লিটাৰৰ পানীৰ জাৰৰ জিএছটি ১৮ শতাংশৰ পৰিৱৰ্তে পাঁচ শতাংশলৈ হ্রাস কৰা হ’ব। ১০ হেজাৰ টকাতকৈ কম মূল্যৰ চাইকেলৰ জিএছটি ১২ শতাংশৰ পৰিৱৰ্তে পাঁচ শতাংশলৈ হ্ৰাস কৰা হ’ব ৷

Exit mobile version