First state working meeting of the AAP was led by President Manoj Dhanwar:সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত ‘আপ’ৰ প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

manoj

First state working meeting of the AAP was led by President Manoj Dhanwar:

মঙলবাৰে গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা । সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত গঠিত নতুন ৰাজ্যিক কমিটীৰ প্ৰথমখন কাৰ্যনিৰ্বাহকত ৰাজ্যৰ সমাগত উপ -নিৰ্বাচনৰ লগতে অহা ডিচেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনক লৈ চৰ্চা হ’ব।

ৰাজ্যৰ ৫ টাকৈ বিধানসভা সমষ্টিৰ উপ -নিৰ্বাচনত ‘আপে’ গ্ৰহণ কৰিবলগীয়া স্থিতি সন্দৰ্ভত কাৰ্যনিৰ্বাহকত পৰ্যালোচনা হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে চামগুৰি বিধান সভা সমষ্টিত ‘আপ’ৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে দলৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী চুমি বৰাই।

কাৰ্যনিৰ্বাহক বৈঠকত এই সন্দৰ্ভতো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। তদুপৰি, ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি, অত্যাৱশকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি, চিকিৎসা সেৱাৰ নামত চৰকাৰী হাস্পতাল সমূহত ৰোগীৰ ওপৰত মাধমাৰ, ৰাজ্যৰ শিক্ষাখণ্ডত পৰিলক্ষিত অচলাৱস্থাৰ দৰে জ্বলন্ত সমস্যা সমূহৰ সমাধানৰ হকে দলৰ ৰণকৌশল নিৰ্ধাৰণ কৰিবলৈ কাৰ্যনিৰ্বাহক সভাই সিদ্ধান্ত গ্ৰহণ কৰিব।

এনে প্ৰেক্ষাপটতেই ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত গঠিত নতুন কাৰ্যনিৰ্বাহকৰ প্ৰথমখন বৈঠক বিভিন্ন দিশৰ পৰাই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কাইলৈ পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব এই বৈঠক ।

Exit mobile version