Navbharat Literacy Mission:
ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অনুসৰি ভাৰত চৰকাৰে আৰম্ভ কৰা নৱভাৰত সাক্ষৰতা কাৰ্যসূচী- উল্লাসৰ তৃতীয়খন আঞ্চলিক সন্মিলন আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উদ্বোধন কৰে। এই কাৰ্যসূচীৰ অধীনত ২০২২চনৰ পৰা ২০২৭ চনৰ ভিতৰত সমগ্ৰ দেশতে শিক্ষা লাভৰ পৰা বঞ্চিত ১৫ বছৰৰ ঊৰ্ধ্বৰ সকলো নাগৰিককে সাক্ষৰ কৰি এগৰাকী দক্ষ মানৱ সম্পদ ৰূপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে।
সেয়েহে একে ধৰণে আমি উল্লাসক এক কেৱল চৰকাৰী কাৰ্যসূচী বুলি গণ্য নকৰি প্ৰতি গৰাকী নাগৰিকৰে নিজ দায়িত্ব বুলি স্বীকাৰ কৰি এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ জ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত আমি সকলোৱে জড়িত হ’ব লাগে। মন্ত্ৰী গৰাকীয়ে উল্লাসক এক জন আন্দোলনলৈ পৰ্যবসিত কৰিবলৈ সকলোকে আহ্বান জনায়। মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলক উল্লাসৰ এই কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে অংশ গ্ৰহণেৰে ৰাজ্যখনৰ চুকে-কোণে জ্ঞান আৰু শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিবলৈ কয়।
সন্মিলনত ভাৰত চৰকাৰৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ যুটীয়া সচিব অৰ্চনা শৰ্মা অৱাস্থি, উত্তৰ-পূব আঞ্চলিক শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষ ড: ফ্লোৰেট ডি ডাখাৰ, এন চি ই আৰ টিৰ ৰাষ্ট্ৰীয় সাক্ষৰতা কেন্দ্ৰৰ ইনচাৰ্জ প্ৰফেছৰ ঊষা শৰ্মা, অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰৰ লগতে আন বিভাগীয় বিষয়াসকল উপস্থিত থাকে।