NDA Coalition Joint Meeting In Bongaigaon:বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ মিত্ৰজোঁটৰ যৌথ সভা 

২৫ অক্টোবৰত বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে

agp meeting bangaigaon

NDA Coalition Joint Meeting In Bongaigaon:

মঙলবাৰে বঙাইগাঁও অঃগঃপ কাৰ্যালয়ত অঃগঃপ, বিজেপি আৰু ইউপিপিএলৰ দলৰ আগন্তক উপ-নিৰ্বাচনৰ সম্পকত যৌথভাবে নিৰ্বাচনী সভা অনুষ্ঠিত হয়। উক্ত সভা‌খনৰ সভাপতিত্ব কৰে বিজেপি দলৰ বঙাইগাঁও জিলাৰ সভাপতি  উজ্বল কান্তি ৰায়ে | সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অঃগঃপ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ে ।

উক্ত সভাত উপস্থিত থাকে বৰপেটাৰ সাংসদ ফণিভূষন চৌধুৰী, কোকৰাঝাৰৰ সাংসদ  জয়ন্ত বসুমতাৰী । এই সভাতেই তিনিওটা দলৰ ক্ৰমে ফণিভূষন চৌধুৰী, জয়ন্ত বসুমতাৰী,ভূপেন ৰায়, উজ্বল কান্তি ৰায়,সুবোধ দাস,ইতিশ বৰদলৈ,হিমানি অধিকাৰী,লীনা সিংহ, অশোক নাৰায়ন দেৱ ,কিৰন বৰ্মন,শশী ভূষন মেধী,কৌস্তৱ দাস আৰু ইপিপিএলৰ সদস্যক লৈ এখনি নিৰ্বাচনী কৰ সমিতি গঠন কৰা হয়।

উল্লেখ্য যে ২৫ অক্টোবৰত বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে |

Exit mobile version