According to the US agency, the dead will come back to life in 200-180 years:
মানুহ মৰণশীল। ইমান দিনে শাশ্বত সত্য বুলি ভাবি অহা এই কথা সলনি হ’ব নেকি ? ‘আৰু বেছি দিন নাই, মানুহ অমৰ হ’ব। দুশৰ পৰা আঢ়ৈশ বছৰ পাছত মৃত লোকসকল পুনৰ জীৱিত হ’বলৈ আৰম্ভ কৰিব।’ এই দাবী আমেৰিকাৰ এটা সংস্থাৰ।
ক্রায়’নিক্স ইনষ্টিটিউট নামৰ সংস্থাটোৰ দাবী অনুসৰি তেওঁলোকে এক বিশেষ পদ্ধতিৰে মৃতদেহ সংৰক্ষণ কৰিবলৈ আৰম্ভ কৰিছে। যাৰ ফলত মৃত্যুৰ দুশৰ পৰা আঢ়ৈশ বছৰৰ ভিতৰত এজন মৃত লোক পুনৰ জীৱিত হ’ব পাৰে।
বিভিন্ন প্রতিবেদন অনুসৰি এই পর্যন্ত এই সংস্থাই পাঁচশৰো অধিক দেহ হিমায়িত অৱস্থাত ৰাখিছে। সংৰক্ষিত মস্তিষ্কৰ সংখ্যা দুশবো অধিক। অমৰত্ব প্ৰাপ্তিৰ প্রত্যাশাত বহু মানুহে এই সংস্থাত নাম নথিভুক্ত কৰিছে। অৱশ্যে এই দাবীক লৈ বিতর্ক আছে।
১৯৫৪ত এই পদ্ধতিৰে মানুহ বীর্য হিমায়িত কৰাৰ পৰীক্ষাও আৰম্ভ হয় আৰু ই সফল হয়। বহু মহিলাৰ মাজত এনে হিমায়িত শুক্রাণু ৰোপণ কৰাও হয়। এই পদ্ধতিৰে সংৰক্ষণৰ নাম দিয়া হয় ক্ৰায়’ সংৰক্ষণ। অৱশ্যে তেতিয়ালৈ সম্পূর্ণ মানবদেহ সংৰক্ষণক লৈ পৰীক্ষা কৰাৰ কথা ভবা হোৱা নাছিল। মিছিগান বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰ’বার্ট এটিনগাৰে এই বিষয়ে পোনপ্ৰথমবাৰৰ বাবে চিন্তা-চৰ্চা আৰম্ভ কৰে।
১৯৬২ত দেহ সংৰক্ষণক লৈ ৰ’বাৰ্টৰ এখন গ্রন্থই বিভিন্ন মহলৰ চকু কপালত তোলে। এই গ্রন্থত দেহ সংৰক্ষণ কৰি মৃত লোকক পুনৰ জীৱিত কৰাৰ সম্ভাৱনাৰ কথা লিখা হয়। ইয়াৰ পাছতে বিভিন্ন গৱেষকে বিষয়টোক লৈ গৱেষণা আৰম্ভ কৰে। ১৯৬৭ত চিকিৎসক জেমছ বেডফ’ৰ্ডৰ দেহ প্ৰথমবাৰৰ বাবে ক্ৰায় ‘নিক্স পদ্ধতিত হিমায়িত কৰা হয়।
তাৰ পাছত ৰ’বাটে স্থাপন কৰা ক্ৰায়’নিক্স ইনষ্টিটিউটে এই পদ্ধতিৰে দেহ সংৰক্ষণ আৰম্ভ কৰে। তেওঁৰ স’তে আন এক সংস্থায়ো সহযোগ কৰে। সময়ৰ গতিত এই সংস্থাৰ কলেৱৰ বৃদ্ধি পাইছে। মৃতসকলক জীৱিত কৰি তুলিব বুলি এনে সংস্থাই দাবীও কৰিছে। কিন্তু কিদৰে মৃতদেহ সংৰক্ষণ কৰা হয় এই সংস্থাত।
ক্রায়’ পদ্ধতিৰ সংৰক্ষণ হৈছে অতি নিম্ন তাপমাত্রাত মানুহৰ দেহক হিমায়িত কৰি সংৰক্ষণ কৰা। ক্ৰায়’ সংৰক্ষণ পদ্ধতিত মৃতদেহ হিমাংকৰ ১৯৬ ডিগ্রী চেলছিয়াছৰ তলত ঠাণ্ডা কৰি ইয়াক অতি সাৱধানে তৰল নাইট্ৰ’জেনৰ এক বিশাল পাত্ৰত ডুবুৱাই থোৱা হয়। এক প্রতিবেদন অনুসৰি ১০ ফুট দৈৰ্ঘৰ স্টেনলেছ ষ্টীলৰ চেম্বাৰত এইদৰে বহু মৃত ব্যক্তিৰ দেহ ৰখা হৈছে।
ব্যয়সাপেক্ষ হোৱাৰ সমান্তৰালভাৱে অন্য প্রত্যাহ্বানো আছে। প্রশ্ন হৈছে যে সংৰক্ষণৰ দুশ-আঢ়ৈশ বছৰৰ পাছত যদি কোনোবা জীৱিত হয়, তেন্তে সেই লোকজনে কোন পৰিচয়ৰ লৈ জীয়াই থাকিব। যদি তেওঁৰ স্মৃতি বিলোপ হয়, তেতিয়া কি হ’ব? তদুপৰি যদি কোনো ব্যক্তি দীর্ঘ সময় হিমায়িত হৈ থকাৰ পাছত প্রকৃতাৰ্থত জীৱিত হয়, তেন্তে কিমান সময়ৰ বাবে স্থায়ী হ’ব? বহু বিজ্ঞানীৰ মতে এইবোৰ মূর্খামিৰ বাহিৰে আন একো নহয়।