Bollywood actress Mahima Chowdhury in Assamese bridal dress:অসমীয়া বোৱাৰীৰ ৰূপত বলীউডৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী

বিয়ানামৰ সুৰৰ তালে তালে মহিমাৰ লয়লাস খোজ

MAHIMA 1

Bollywood actress Mahima Chowdhury in Assamese bridal dress:

অসমীয়া বোৱাৰীৰ ৰূপত বলীউডৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী। বিয়ানামৰ সুৰৰ তালে তালে মহিমাৰ লয়লাস খোজ | ডিজাইনাৰ প্ৰাৰ্থনা চৌধুৰীয়ে প্ৰস্তুত কৰা পোছাকৰ এক প্ৰদৰ্শনীত শ্ব’ ষ্টপাৰ আছিল মহিমা। পিতৃৰ ব্যৱসায় সূত্ৰে অসমতে শৈশৱ কটাইছিল মহিমা চৌধুৰীয়ে।

ADVERTISEMENT

অসমত চাহৰ ব্যৱসায় কৰিছিল আছিল অভিনেত্ৰীগৰাকীৰ পিতৃয়ে। তেজপুৰ, যোৰহাট, গোলাঘাট, গুৱাহাটী, খাৰুপেটীয়া আদিত শৈশৱ কটাইছিল তেওঁ। জীৱনত আটাইতকৈ বেছি চিনেমা তেওঁ গুৱাহাটীতে চোৱা বুলি প্ৰকাশ কৰে। অসমলৈ আহি অতীত ৰোমন্থন মহিমাৰ।

২০ অক্টোবৰত গুৱাহাটীৰ আইটিএ মাছখোৱাত ‘ইণ্ডিয়া’জ ছাইনিং এৱাৰ্ডছ ২০২৪ (ছিজন ৫) শীৰ্ষক এক অনুষ্ঠানত ভাগ ল’বলৈ মুম্বাইৰ পৰা অসমলৈ আহিছিল অভিনেত্ৰীগৰাকী। অসমীয়া শিপিনীয়ে হাতেবোৱা ‘প্ৰাৰ্থনা’জ হাউছ অৱ ডিজাইন’ৰ পোছাক পৰিধান কৰি অভিভূত হৈ পৰা বুলি প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে।

Exit mobile version