Pre- election violence again in Samaguri: চামগুৰিত পুনৰ প্ৰাক- নিৰ্বাচনী কেন্দ্ৰীক হিংসা

কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ ৰেলীত উত্তপ্ত পৰিস্থিতি, কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত সংঘাত, কংগ্ৰেছ ৰেলীক বিজেপি কৰ্মীয়ে বাধা দিয়াৰ অভিযোগ

samari conflect

Pre- election violence again in Samaguri:

ৰাজ্যত এতিয়া উপ-নিৰ্বাচনৰ গৰম বতাহ ৷ পাঁচ সমষ্টিৰ উপ- নিৰ্বাচন হাই ভল্টেজ সমষ্টি হিচাপে চিহ্নিত হৈছে ৰকিবুল হুছেইনৰ দুৰ্গ স্বৰূপ চামগুৰি ৷ ধুবুৰীৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত বিধায়ক পদ ত্যাগ কৰিছিল হুছেইনে ৷ অৱশেষত পূৰ্ব নিৰ্ধাৰিত অনুসৰি সমষ্টিটোৰ প্ৰাৰ্থীত্ব লাভ কৰে সাংসদ গৰাকীৰ তনয় তাঞ্জিল হুছেইনে ৷

তাঞ্জিল হুছেইনে দলীয় টিকট লাভ কৰাৰ পাছতে পৰা চামগুৰিত প্ৰাক- নিৰ্বাচন কেন্দ্ৰীক হিংসা তীব্ৰতৰ হৈ পৰে ৷কিছদিন পূৰ্বে কংগ্ৰেছ- বিজেপিৰ মাজত মাৰপিট হৈছিল ৷

বৃহস্পতিবাৰে কংগ্ৰেছৰ নেতা- কৰ্মী তথা সমৰ্থকসকলে উলিয়াইছিল এক বিশাল ৰেলী। লাওখোৱা ব্লকৰ পৰা আৰম্ভ কৰা হোৱা ৰেলীৰে কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনে নগাঁৱত দাখিল কৰিব মনোনয়ন পত্ৰ।

কিন্ত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ পথতে কংগ্ৰেছ- বিজেপি কৰ্মীৰ মাজত সংঘাত সৃষ্টি হয় ৷ বিজেপিয়েও অনুৰূপ ৰেলী উলিয়াই দুয়োটা সমদল সন্মুখা – সন্মুখীন হয় ৷ ফলস্বৰূপে দুয়ো দলৰ পৰা বিৰোধী শ্ল’গান দিয়ে ৷ ইয়াকে লৈ একাংশ কংগ্ৰেছী সমৰ্থক আৰু বিজেপিৰ সমৰ্থকৰ উভয় পক্ষৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ।

আনকি হতাহতি পৰ্যন্ত হয় ৷ অৱশ্যে আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণ হয় যদিও চেপা উত্তেজনা অব্যাহত থাকে ৷ ভোটদানলৈ মাজত বিশটা দিন থকা অৱস্থাত চামগুৰিত কংগ্ৰেছ- বিজেপিৰ কৰ্মীৰ মাজত সংঘাত তীব্ৰতৰ হোৱাৰ আশংকা কৰিছে সচেতন মহলে ৷

Exit mobile version