West Karbianglong Science Workshop:
পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ কৰ্মশালাৰ আয়োজন। দুদিনীয়া কাৰ্যসূচীৰে হাৱাইপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত আৰু স্কুল প্লান্ত ডাইভাৰ্চিটি চেণ্টাৰৰ (School Plant Diversity Centre) সহযোগত অনুষ্ঠিত হয় এই কৰ্মশালা।
কৰ্মশালাত অংশগ্ৰহণ কৰা মুঠ ১০ খন বিদ্যালয়ৰ মুঠ ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীক বিশেষকৈ পৰিৱেশ শিক্ষণ কাৰ্যসূচীৰ অংশ হিচাপে কেঁচুসাৰ উৎপাদনৰ প্ৰণালী আৰু এই উৎপাদিত জৈৱিক সাৰৰ ব্যৱহাৰেৰে কৃষক ৰাইজক কিদৰে লাভাম্বিত কৰিব পাৰি সেই সন্দৰ্ভত প্ৰশিক্ষণ দিয়ে। লগতে গোটা পেলনীয়া সমগ্ৰীক কিদৰে ন-ৰূপ দি পুনৰ উচিত আৰু ব্যৱহাৰযোগ্য কৰিব পাৰি সেই বিষয়েও বিশদভাৱে কৰ্মশালাৰ যোগেদি ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষকে।
উল্লেখযোগ্য যে হাৱাইপুৰ স্কুল প্লান্ত ডাইভাৰ্চিটি চেণ্টাৰৰ সমন্বয়ক প্ৰণৱ শৰ্মাই আঁত ধৰা কৰ্মশালাৰ কাৰ্যসূচীত জিলা ন’ডেল এজেন্সী, ৰংখাং খণ্ডৰ সমন্নয়ক বীৰেন ডেকা উপস্থিত থকাৰ বিপৰীতে হাৱাইপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ক্ষমানন্দ ঘিমিৰে, সমল ব্যক্তি বা প্ৰশিক্ষক হিচাপে দ্যা মিডৱে জার্নী নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সিদ্ধাৰ্থ ৰাচাইলি আৰু জুবি সাহা উপস্থিত থকাৰ লগতে বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
এনেদৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা কাৰ্যসূচী আৰু প্ৰশিক্ষণ প্ৰদানৰ কৰ্মশালাৰ জৰিয়তে উদ্যোগতাই বৃহত্তৰ অঞ্চলটোত সমাদৰ লাভ কৰাৰ লগতে সকলোৰে শলাগ লাভ কৰিবলৈ সক্ষম হয়।