Nominations for the by-elections were examined today:ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে আজি পৰীক্ষা কৰা হয় মনোনয়নপত্র

election new

Nominations for the by-elections were examined today:

দেশৰ নিৰ্বাচন আয়োগে অসমৰ ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি বিধানসভা সমষ্টিত হ’বলগীয়া উপ- নিৰ্বাচনৰ ভোটগ্রহণ অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। উপ-নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৫টা বিধানসভা সমষ্টিৰ বাবে ইতিমধ্যে সর্বমুঠ ৩৮গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছিল।

আজি মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা অনুসৰি ক্ৰমে ১১নং ধলাই বিধানসভা সমষ্টিত ৯গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৯ গৰাকীৰে, ৩১নং চিদলী বিধানসভা সমষ্টিত ৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩ গৰাকীৰে, ৩২নং বঙাইগাঁও সমষ্টিত ৮গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৮ গৰাকীৰে ৭৭নং বিহালী বিধানসভা সমষ্টিত ৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৪ গৰাকীৰে মনোনয়ন গৃহীত কৰা হয়।

আনহাতে, ৮৮নং চামগুৰি বিধানসভা সমষ্টিৰ মনোনয়নপত্র পৰীক্ষণ প্রক্রিয়া অহা ২৯অক্টোবৰৰ পুৱা ১১ বজালৈ স্থগিত ৰখা হয়। উল্লেখ্যযোগ্য যে মনোনয়ন পত্র প্রত্যাহাৰ কৰাৰ অন্তিম তাৰিখ হ’ল ৩০ অক্টোবৰ ।

Exit mobile version