National Unity Day Celebration In Guwahati: ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মহানগৰীত একতাৰ বাবে দৌৰ

galosa 1

National Unity Day Celebration In Guwahati:

আধুনিক ভাৰতবৰ্ষৰ স্বপ্নদ্ৰষ্টা তথা খনিকৰ চৰ্দাৰ বল্লভভাই পেটেলৰ পৱিত্ৰ জন্মদিৱস উপলক্ষে সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় একতা দিৱসৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে মহানগৰীৰ লতাশিল খেলপথাৰত “একতাৰ বাবে দৌৰ” শীৰ্ষক এক সামূহিক দৌৰৰ আয়োজন কৰা হয় । কামৰূপ মহানগৰ জিলা প্ৰশাসন, অসম আৰক্ষী আৰু ক্ৰীড়া সঞ্চালকালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত উক্ত সমূহীয়া দৌৰৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে অসম চৰকাৰৰ ক্ৰী়ড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই

মন্ত্ৰী গৰাকীয়ে লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেললৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে দেশৰ ঐক্য, সংহতি ৰক্ষা তথা এখন শক্তিশালী ভাৰত নিৰ্মানৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেলৰ ভূমিকাক উচ্চ প্ৰশংসা কৰে। একতা দৌৰ কাৰ্যসূচীৰ জৰিয়তে পুনৰবাৰ দেশবাসীয়ে এখন সমৃদ্ধশালী ভাৰত গঢ়াৰ বাবে সংকল্পবদ্ধ হৈছে বুলি মন্ত্ৰী গৰাকীয়ে নিজৰ বক্তব্যত প্ৰকাশ কৰে। লগতে তেওঁ কয় যে এই অনুষ্ঠানত শিক্ষাৰ্থী তথা নতুন প্ৰজন্ম‌ই অংশগ্ৰহণ কৰাটোৱে নিশ্চিত ভাৱে সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।

অনুষ্ঠানত ৰাজ্যৰ মুখ্য সচিব ড: ৰবি কোটা, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, মেয়ৰ মৃগেন শৰণীয়া, আৰক্ষী আয়ুক্ত দিগন্ত বৰা, ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত পাৰিজাত ভূঁঞা, জিলা প্ৰশাসন ,আৰক্ষী প্ৰশাসন, ক্ৰী়ড়া আৰু যুৱ কল্যাণ বিভাগৰ উচ্চপদস্থ বিষয়াসকল, কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়াকে ধৰি বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী, এন চি চি, এল এন আই পি ই, পেৰা মিলিটেৰী বাহিনী, সোনাপুৰ- উলুবাৰী বক্সিং ক্লাৱ, সৰুসজাই ক্ৰীড়া একাডেমী আৰু বিভিন্ন ক্ৰীড়া সংগঠনৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে ।

Exit mobile version