Assembly By Election:বিধানসভা উপ- নিৰ্বাচন,চামগুৰিত ১১ প্ৰাৰ্থীৰ মনোনয়ন বৈধ

samaguri

Assembly By Election:

অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ১১ জন প্রার্থীৰ মনোনয়ন বৈধ হোৱাৰ বিপৰীতে তিনি গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছে।

উল্লেখ্য যে সমষ্টিটোত মুঠ ১৪ গৰাকী প্রার্থীয়ে মনোনয়নপত্র দাখিল কৰিছিল। মনোনয়ন বৈধ হোৱা প্রার্থীসকল হ’ল- বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মা, কংগ্ৰেছৰ তাঞ্জিল হুছেইন, আপৰ নুৰুল আমিন চৌধুৰী, ছ’চিয়েলিষ্ট ইউনিটী চেণ্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট)ৰ আব্দুছ চবুৰ মিঞা, ভাৰতীয় গণ পৰিষদৰ বীৰেন বসাক, ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ ৰাব্বুল হক, নির্দলীয় ক্রমে আব্দুল মজিদ, জেহিৰুল ইছলাম, ফাতেমা খাতুন, মোছাবিৰ আলী আহমেদ আৰু শশী তাঁতী। আনহাতে, মনোনয়ন নাকচ হোৱা প্রার্থীসকল হ’ল- তৃণমূল কংগ্ৰেছৰ বছিৰ উদ্দিন আহমেদ, নির্দলীয় আশা বেগম আৰু মাইনুল ইছলাম।

#আৰক্ষী পৰ্যবেক্ষক ৰাজেশ কুমাৰ কানুৱাটৰ ভোটগ্রহণ কেন্দ্ৰ পৰিদৰ্শন

নগাঁও নির্বাচনী জিলাৰ সমাগত ৮৮ নম্বৰ চামগুৰি বিধানসভাৰ উপ-নির্বাচনৰ বাবে নিয়োজিত নির্বাচনী আৰক্ষী পর্যবেক্ষক ৰাজেশ কুমাৰ কানুৱাট সমষ্টিটোৰ ভোটগ্রহণ কেন্দ্রসমূহ ক্রমে ২১ নম্বৰ কনোৱামাৰী বিলপাৰ এলপি স্কুল, ২২ নম্বৰ কনোৱামাৰী বিলপাৰ এলপি স্কুল (পূব খণ্ড), ২৩ নম্বৰ বি ডি দাস কনোৱামাৰী এমই স্কুল, ২৪ নম্বৰ বি ডি দাস কনোৱামাৰী এমই স্কুল (পশ্চিম খণ্ড), ৫১ নম্বৰ বাজিয়াগাঁও এলপি স্কুল (পূব খণ্ড), ৫২ নম্বৰ বাজিয়াগাঁও এলপি স্কুল (পশ্চিম খণ্ড), ৫৩ নম্বৰ বাজিয়াগাঁও মুক্তাৱ স্কুল (পূব খণ্ড), ৫৪ নম্বৰ বাজিয়াগাঁও মুক্তাৱ স্কুল (পশ্চিম খণ্ড), ১৪৯ নম্বৰ খলিহামাৰী এলপি স্কুল (পূব খণ্ড), ১৫০ নম্বৰ খলিহামাৰী এলপি স্কুল (উত্তৰ খণ্ড), ১৫১ নম্বৰ খলিহামাৰী এলপি স্কুল (পশ্চিম খণ্ড) আদিকে ধৰি ১৩ তাকৈ ভোট কেন্দ্র পৰিদৰ্শন কৰি অইন-শৃংখলা তথা সুৰক্ষা ব্যৱস্থাৰ বুজ লয়। লগতে স্থানীয় লোকৰ স’তে মত বিনিময় কৰে। তেওঁৰ এই পৰিদৰ্শন কালত আৰক্ষী বিষয়াৰ লগতে জিলা প্রশাসনৰ বিষয়াসকল উপস্থিত থাকে।

ইপিনে, চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৮৫ৰ ঊর্ধ্বৰ বয়োজ্যেষ্ঠ ভোটাৰ আৰু বিশেষভাবে সক্ষম ভোটাৰসকলৰ বাবে জিলা নির্বাচনী বিভাগে প’ষ্টেল বেলট পেপাৰৰ জৰিয়তে নিজৰ গৃহতেই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ ব্যৱস্থা কৰিছে। বিধানসভা সমষ্টিটোৰ এনে ভোটাৰসকলৰ ঘৰে ঘৰে গৈ নির্বাচনী বিষয়াসকলে প’ষ্টেল বেলটৰ যোগেদি প্রথম পর্যায় গৃহ পৰিদৰ্শন, চাৰি আৰু পাঁচ নৱেম্বৰ আৰু ছয় নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ গৃহ পৰিদৰ্শন কৰি ভোট সংগ্ৰহ কৰিব।

# শিঙিমাৰীত জব্দ চাৰি লাখ ৩০ হেজাৰ ২০০ টকা

ইফালে, নির্বাচনীবিধি বলবৎ হৈ থকাৰ সময়ত ৰূপহীহাট আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ পৰিছে। ৰূপহীহাট আৰক্ষীৰ অভিযানত জব্দ হয় চাৰি লাখ ৩০ হেজাৰ ২০০ টকা। নগাঁও-নলতলী ৰাজ্যিক ঘাইপথৰ শিঙিমাৰীত আৰক্ষীয়ে এক অভিযান চলাই এই বৃহৎ পৰিমাণৰ ধনখিনি জব্দ কৰে। নির্বাচনী বিধি উলংঘা কৰি বৃহৎ পৰিমাণৰ টকা লৈ ফুৰা কে’বাখনো বাহনৰ পৰা জব্দ কৰে এই ধনখিনি। চামগুৰি সমষ্টিৰ শিঙিমাৰীত আৰক্ষীয়ে তালাচী চলাই জব্দ কৰে ধনখিনি ৷

Exit mobile version