Fraudster Dipankar Barman will be produced before the CJM court today:
কে’বা হাজাৰ কোটি টকা আত্মসাৎ কৰি গোৱাত আত্মগোপন কৰি থকা মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক তিনিদিন পূৰ্বে মহানগৰ আৰক্ষীৰ ক্ৰাইম বাঞ্চে গোৱাৰ ৰাজধানী পানাজীৰ এখন হোটেলৰ পৰা ২৭ লাখ টকা সহ গ্ৰেপ্তাৰ কৰাৰ পিছত যোৱা নিশা কটকটীয়া নিৰাপত্তাৰ মাজেৰে বিমানেৰে অনা হয় গুৱাহাটীলৈ ৷
আনহাতে,দীপাংকৰক অনাৰ খবৰ লাভ কৰাৰ পিছতে পাণবজাৰ থানা চৌহদত নিশাই ভিৰ কৰে ডি বি ষ্টকৰ একাংশ বিনিয়োগকাৰীৰ ৷ যাৰবাবে যোৱা নিশাৰে পৰা পাণবজাৰ থানাৰ চৌহদত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৷
আনহাতে ঘটনাক্ৰমে ডি বি ষ্টক ট্রেডিং কেলেংকাৰিৰ নতুন মোৰ ৷দীপাংকৰৰ বিৰুদ্ধে ট্রেডিং কেলেংকাৰিত নতুনকৈ ৰজু কৰা হৈছে আন এটা গোচৰ ৷ গোচৰ ৰজু কৰে ট্ৰেডিং কেলেংকাৰীৰ তদন্ত কৰি থকা মুখ্য বিষয়া এএছপি অমিত মাহাতোয়ে ৷ পল্টন বজাৰ থানাত ইতিমধ্যে ৩৭৪/২৪ নম্বৰত গোচৰটো পঞ্জীভূক্ত কৰা হৈছে ৷ এই গোচৰৰ সন্দৰ্ভত আজি আদালতত জেৰাৰ বাবে ক্ৰাইম বাঞ্চে জিন্মাত বিচাৰিব দীপাংকৰক ৷ বৰ্মনক ৷