পৃথক অভিযানত উদ্ধাৰ হ’ল তিনি লাখ
নিৰ্ব্বাচনী আচৰণ বিধি বলবৎ থকাৰ সময়তে হোজাই জিলাত ব্যাপক হাৰত বৈধ নথি বিহীন নগদ ধন জব্দ হৈছে । কালি দিনৰ ভাগত জিলাখনৰ ডবকাৰ পৰা আৰক্ষীয়ে নগদ 66 লাখ টকা জব্দ কৰিছিল । পৰৱৰ্তী সময়ত নিশাৰ ভাগত তথা আজিও উপযুক্ত নথি-পত্ৰ নথকা মুঠ তিনিলাখ টকা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষী সূত্ৰই জনোৱা মতে, যোৱা নিশা এজন ঠিকাদাৰৰ পৰা বিপুল পৰিমাণৰ নগদ ধন জব্দ হয় । নিৰ্ব্বাচন আয়োগৰ নিৰ্দেশত জিলা প্ৰশাসনে গঠন কৰা ফ্লায়িং স্কোৱাডে নিশা মোৰঝাৰৰ দেৱস্হান জনৈক সিং উপাধিৰ এজন ঠিকাদাৰৰ পৰা এক লাখ 70টকা জব্দ কৰে। এই পৰ্যন্ত ঠিকাদাৰজনে ধনখিনি কোনো বৈধ নথি-পত্ৰ দেখুৱাবলৈ সক্ষম হোৱা নাই। ইপিনে, আজি দুপৰীয়া হোজাই আৰক্ষীয়ে অকস্মাতে তালাচী চলাই এজন যুৱকৰ পৰা এক লাখ 30 হেজাৰ টকা জব্দ কৰে।





























