Protesters ‘splitting’ Bangladesh, says Sheikh Hasina’s ally after party office set on fire in Dhaka:বাংলাদেশত পুনৰ অশান্তি বৃদ্ধি 

হাছিনাৰ সহযোগী দলৰ কাৰ্যালয় লণ্ডভণ্ড

BANGLA

Protesters ‘splitting’ Bangladesh, says Sheikh Hasina’s ally after party office set on fire in Dhaka:

আকৌ এবাৰ উত্তপ্ত হৈছে বাংলাদেশৰ পৰিস্থিতি। এইবাৰ বিক্ষোভকাৰীয়ে প্ৰাক্তন প্রধানমন্ত্রী শেখ হাছিনাৰ সমৰ্থক পাৰ্টিৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰি ছাৰখাৰ কৰিলে। সহস্রাধিক বিক্ষোভকাৰীয়ে ঢাকাত থকা জাতীয়া পাৰ্টিৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ প্রথমে শ্ল’গান দিছিল।

ইয়াৰ পাছতে একাংশ প্রতিবাদকাৰীয়ে ৰাজনৈতিক দলটোৰ কাৰ্যালয়ত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰিবলৈ ধৰে। প্ৰতিবাদকাৰীয়ে উক্ত কার্যালয়ত অগ্নিসংযোগ কৰাত ঢাকাৰ বিজয়নগৰত স্থিত কাৰ্যালয়টো ছাৰখাৰ হয়। উল্লেখ্য যে জাতীয়া পার্টি বাংলাদেশৰ ক্ষমতাচ্যুত প্রধানমন্ত্রী শ্বেখ হাছিনাৰ সমৰ্থক হিচাপে পৰিচিত এই দলটো হুছেইন মহম্মদ ইৰছাদে প্রতিষ্ঠা কৰিছিল।

জাতীয়া পার্টিত আক্ৰমণৰ ঘটনাৰ দায়িত্ব কোনো সংগঠনে স্বীকাৰ কৰা নাই যদিও স্থানীয় সংবাদ মাধ্যমে বাতৰিত উল্লেখ কৰা অনুসৰি বিক্ষোভকাৰীসকল বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ সমৰ্থক।

Exit mobile version