Road Accident:
চাকৰি পোৱাৰ আনন্দত চুবুৰীয়া মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙলৈ ফুৰিবলৈ গৈছিল প্ৰেয়সীৰ সৈতে এজন যুৱক ৷ কিন্ত নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে নীলোৎপল-গাৰ্গীৰ প্ৰাণ ৷ চাকৰিত যোগদানৰ এদিন পূৰ্বে কৰুণ মৃত্যুক সাৱটি ল’লে নীলোৎপলে ৷
প্ৰাপ্ত খবৰ অনুসৰি মৰাণৰ ২নং সৰুপথাৰ গাঁৱৰ নীলোৎপল দুৱৰী (২৩) য়ে তেওঁৰ প্ৰেমিকা মৰাণৰ জ্যোতিপুৰ গদাধৰ সিংহ পথৰ গাৰ্গী চুতীয়া (২১)ৰ স’তে গুৱাহাটীৰ পৰা AS-01-FF-3367 নম্বৰৰ এখন ৰয়েল এনফিল্ড হিমালয়ান বাইক ভাড়াত লৈ দেওবাৰে মেঘালয়ৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল । কিন্তু ৰি-ভৈ জিলাৰ ছাংবাংলাত গুৱাহাটী-শ্বিলং সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় দুয়োগৰাকী । এই শোকাৱহ পথ দুৰ্ঘটনাত মুহূৰ্ততে হেৰাই গ’লে দুটাকৈ সুন্দৰ ভৱিষ্যৎ ৷
উল্লেখ্য যে শনিবাৰে নীলোৎপলৰ মাইক্ৰছফ্ট ৩৬৫ৰ ফিল্ড অফিচাৰ হিচাপে চাকৰিৰ নিশ্চিত হৈছিল আৰু সোমবাৰ চাকৰিটোত যোগদান কৰাৰ কথা আছিল নীলোৎপলে। কালী পূজাৰ দিনাই মৰাণৰ পৰায়েই নীলোৎপলৰ সৈতে গুৱাহাটীলৈ আহিছিল প্ৰেমিকা গাৰ্গী Death। দুৰ্ঘটনাটোত কৰুণ মৃত্যুক সাবটি লোৱা গাৰ্গী চুতীয়া আছিল পিতৃ-মাতৃৰ একমাত্ৰ জীয়ৰী। গাৰ্গীয়ে ডিব্ৰুগড়ত বি-ফাৰ্ম পঢ়ি আছিল ৷
আনহাতে সোমবাৰে পুৱায়েই মৃত নীলোৎপল দুৱৰীৰ শেষকৃত্য সম্পন্ন হয় নিজ মৰাণৰ ২নং সৰুপথাৰ গাঁৱত। অৱশ্যে এতিয়াও মৰাণৰ ঘৰ আহি পোৱা নাই মৃত গাৰ্গীৰ মৃতদেহ। দুই যুৱক- যুৱতীৰ অকাল বিয়োগত মিয়ম্ৰান দুয়োজনৰ গৃহ গাঁও আৰু গভীৰ শোকৰ ছাঁ পৰিছে সমগ্ৰ মৰাণত।






























