Uttarakhand Bus Accident: পাহাৰীয়া অঞ্চলৰ দ- খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ

শোকাৱহ দুৰ্ঘটনাটোত মহিলা- শিশু সহ ৩৬ যাত্ৰীৰ মৃত্যু, আহতসকলক ভৰ্তি চিকিৎসালয়ত

accident 1 1

Uttarakhand Bus Accident:

শোকাৱহ বাছ দুৰ্ঘটনাত শিশু- মহিলা সহ নিহত ৩৬ গৰাকীকৈ যাত্ৰী । পাহাৰৰ পৰা দ-খাৱৈত বাগৰি পৰিল এখন যাত্ৰাবাহী বাছ।

এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে হিমালয়ান ৰাজ্য উত্তৰাখণ্ডৰ আলমোৰাৰ মাৰ্চুলাৰ সমীপত ৷ প্ৰাপ্ত খবৰ অনুসৰি সোমবাৰে পুৱা নাইনি দণ্ডাৰ পৰা ৰামনগৰলৈ গৈ থকা পথত যাত্ৰীবাহী বাছ এখন নিয়ন্ত্ৰণ হঠাতে হেৰুৱাই দ-খাৱৈত বাগৰি পৰে। বাছখন বাগৰি যোৱাৰ লগে-লগে যাত্ৰীসকলৰ মৰণ কাতৰ চিঞৰ মাৰে ৷ দুৰ্ঘটনাত পতিত বাছখনত প্ৰায় ৪০ৰ পৰা ৪৫গৰাকীকৈ যাত্ৰী আছিল।

ঘটনাটোত থিতাতে নিহত হয় ২৯ গৰাকী ৷ আনহাতে চিকিৎসালয়ত নিহত হয় ৭ গৰাকী। দুৰ্ঘটনাটোত শিশু – মহিলা সহ ৩৬ যাত্ৰী নিহত হয় ৷ দুৰ্ঘটনা পতিত বাছ খনৰ বহু কেইগৰাকী যাত্ৰী নিৰুদ্দেশ হৈ থকাৰ বিষয়ে সদৰি কৰিছে স্থানীয় আৰক্ষীয়ে।

আনহাতে শোকাৱহ পথ দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি গভীৰ সমবেদনা জনাই উত্তৰাখণ্ড চৰকাৰে নিহত সকলৰ নিকট আত্মীয়ক চাৰি লাখ টকা আৰু আহত সকলৰ চিকিৎসাৰ বাবে ১ লাখ টকাৰ সাহায্যৰ ঘোষণা কৰিছে ৷ ইপিনে এই দুৰ্ঘটনাৰ তদন্ত ঘোষণা কৰিছে আলমোৰাৰ জিলা দণ্ডাধীশ 

Exit mobile version