nec

National Scholarship Portel:এন ই চি মেৰিট বৃত্তি আঁচনিৰ বাবে মুকলি ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেল

২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ কাৰনে এনইচি মেৰিট বৃত্তি আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় বৃত্তি পোৰ্টেলত প্ৰাক মেট্ৰিক বৃত্তিৰ আৱেদন গ্ৰহণ কৰিছে  এন ই চিয়ে

উত্তৰ পূব পৰিষদৰ বিত্তীয় উপদেষ্টা (ই এণ্ড এম) শ্বেৰী লালথাংজোৱে শুকুৰবাৰে শ্বিলঙত এন ই চি মেৰিট বৃত্তি আঁচনিৰ বাবে যোগ্যতাৰ মাপকাঠীৰ বিষয়ে বিতংভাৱে দাঙি ধৰে। আবেদনকাৰীসকল উত্তৰ-পূবৰ যিকোনো ৰাজ্যৰ স্থায়ী বাসিন্দা হ’ব লাগিব আৰু উত্তৰ-পূবৰ ভিতৰত আৰু বাহিৰত ভাৰতৰ ভিতৰত বিভিন্ন শাখা আৰু পাঠ্যক্ৰম (ডিপ্লমা, স্নাতক, স্নাতকোত্তৰ, আৰু পি এইচ ডি/এমফিল)ৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানত নামভৰ্তি কৰা হ’ব লাগিব। পূৰ্বৰ পৰীক্ষাত নূন্যতম ৬০% নম্বৰ লাভ কৰিব লাগিব, আৰু আবেদনকাৰীৰ পিতৃ-মাতৃ বা অভিভাৱকৰ বাৰ্ষিক আয় আঠ লাখ টকাতকৈ বেচি হ’ব নেলাগে।

আবেদন দাখিলৰ বাবে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ নথি-পত্ৰসমূহৰ ভিতৰত আছে বৈধ মোবাইল নম্বৰ, আধাৰ (ইউআইডি) নম্বৰ, আধাৰ-যুক্ত বেংক একাউণ্ট, আয়ৰ প্ৰমাণপত্ৰ, আৰু প্ৰতিষ্ঠানৰ পৰা পোৱা এটা বনাফাইড প্ৰমাণপত্ৰ। যোগ্য ছাত্ৰ-ছাত্ৰীয়ে তলত দিয়া লিংকৰ জৰিয়তে ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেলত অনলাইন আবেদন কৰিব পাৰিব: [https://scholarships.gov.in](https://scholarships.gov.in)। অধিক বিৱৰণৰ বাবে এন ই চি মেৰিট বৃত্তি গাইডলাইন অনলাইনত ডাউনলোড কৰিব পাৰিব| [এন ই চি বৃত্তি গাইডলাইন](https://scholarships.gov.in/public/schemeGuidelines/NEC_1234_G.pdf)। যিকোনো প্ৰশ্নৰ বাবে ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ-পূৰ পৰিষদৰ সচিবালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে।

Exit mobile version