Ncert New Syllabus:
উত্তৰ প্ৰদেশ সহ দেশৰ কে’বা খনো ৰাজ্যত মোগলৰ সময়ৰ বহুবোৰ পথ আৰু অঞ্চলৰ নাম পৰিৱৰ্তনৰ পাছত এইবাৰ পাঠ্যক্ৰমৰ পৰা মোগল সাম্ৰাজ্যৰ ইতিহাস বাদ দিয়াৰ প্ৰস্তুতি চলাইছে ৷
প্ৰাপ্ত খবৰ অনুসৰি এন চি ই আৰ টি পাঠ্যক্ৰমত ব্যাপক পৰিৱৰ্তনৰে ২০২৩-২৪ৰ শিক্ষাবৰ্ষৰ পৰা বুৰঞ্জী বিষয়ত নাথাকিব মোগলৰ ইতিহাস৷ দশম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠ্যক্ৰমত মোগলৰ ইতিহাস কৰ্তন কৰা হৈছে ৷
উল্লেখ্য যে,ভাৰত স্বাধীন হোৱাৰ পাছৰে পৰা দেশৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক মাধ্যমৰ পাঠ্যক্ৰমত বাবৰ,আকবৰ, ছাহজাহান,ঔৰংগজেৱ হুমায়ুন আদি মোগল সম্ৰাট সকলৰ বিষয়ে শিক্ষাৰ্থী সকলে পঢ়িবলৈ পাইছিল ৷ কিন্ত শেহতীয়াকৈ শিক্ষাৰ্থী সকলে মোগল সম্ৰাট সকলৰ বিষয়ে আৰু কোনো দিনে পঢ়িবলৈ নাপাব ৷
এন চি ই আৰ টি পাঠ্যক্ৰমত ব্যাপক পৰিৱৰ্তনৰে ২০২৩-২৪ৰ শিক্ষাবৰ্ষৰ পৰা বুৰঞ্জী বিষয়ত মোগল সাম্ৰাজ্যৰ ইতিহাস বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
মনকৰিবলগীয়া যে, এন চি ই আৰ টি এই পদক্ষেপক শাসনাধিষ্ঠ চৰকাৰৰ বহু কেই গৰাকী মন্ত্ৰী- সাংসদে সমৰ্থন আগবঢ়োৱাৰ বিপৰীতে সচেতন মহলে এইয়া হঠকাৰী সিদ্ধান্ত বুলি অভিহিত কৰিছে ৷ ছাত্ৰ-ছাত্ৰীয়ে অতীত – বৰ্তমানৰ সকলো বিষয় জানিব লাগিব ৷
ইতিহাস বিজয়িত মোগলৰ শাসন প্ৰণালী বিশেষকৈ আকবৰৰ সু-শাসন আজিও সমাদিত হৈ আহিছে বুলি সচেতন মহলে চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷
আনহাতে এন চি ই আৰ টি এই কাৰ্যক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কংগ্ৰেছ সহ বিৰোধী দল সমূহে এইয়া বিজেপি নেতৃত্বাধীন চৰকাৰৰ ধৰ্মীয় মেৰুকৰণ বুলি অভিহিত কৰিছে ৷