Mother of a doctor passed away on her son’s one-year birthday:
নিয়তিৰ নিষ্ঠুৰ পৰিহাস ! পুত্ৰৰ এবছৰীয়া ওপজা দিনৰ দিনাই চিকিৎসক মাতৃ ডাঃ অনিন্দিতা পাটোৱাৰীৰ শেষ নিশ্বাস ত্যাগ ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ডেম’নষ্ট্ৰেটৰ ৰূপে কৰ্মৰত ডাঃ পাটোৱাৰী বিগত ১০ মাহ দিন ধৰি কৰ্কট ৰোগত যুঁজি শনিবাৰে মৃত্যু হয় ৷
ছাত্ৰাৱস্থাত এগৰাকী অতি মেধাৱী ছাত্ৰী ৰূপে পৰিচিত অনিন্দিতাই পঢ়াশুনাৰ সমান্তৰালভাৱে সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈ এগৰাকী নৃত্যশিল্পী হিচাপে সকলোৰে মাজত পৰিচিত হৈ পৰিছিল ৷ পৰৱৰ্তী সময়ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰী হিচাপে ডা: অনিন্দিতাই ২০২২বৰ্ষত গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ মাইক্ৰ’বায়’লজী বিভাগৰ এমডি ডিগ্ৰী লাভ কৰাৰ লগতে শ্ৰেষ্ঠ স্নাতকোত্তৰৰ স্বৰ্ণপদক লাভ কৰিছিল ৷
চিকিৎসা বিজ্ঞানৰ ছাত্ৰী হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে যোৰহাট মেডিকেল কলেজত চিকিৎসা মহাবিদ্যালয় পৰা। উল্লেখ্য যে চিকিৎসা বিজ্ঞানৰ স্নাতক অধ্যয়নৰত হৈ থকা সময়ত অনিন্দিতাই লণ্ডনৰ গ্ৰীনউইচ বিশ্ববিদ্যালয়ত গৱেষণা পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷
চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত এমডি ডিগ্ৰী পাঠ্যক্ৰম কৰি থকাৰ মাজতে বিবাহত বহে ডা:অনিন্দিতাই ৷ বিবাহৰ পাছত এটা কণমানি পুত্ৰ সন্তানৰ মাতৃ হয় জনপ্ৰিয় চিকিৎসক গৰাকী ৷ সন্তানৰ জন্মৰ দুমাহৰ পিছত কৰ্কট ৰোগত আক্ৰান্ত হয় চিকিৎসকগৰাকী। প্ৰায় ১০ মাহ ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে অনিন্দিতাই।