Six Indian institutions are in the top 100 universities in Asia:
কিউ এছ এছিয়া ইউনিভাৰছিটি ৰেংকিং ২০২৫ৰ তালিকাত ভাৰতে চীনতকৈ উন্নত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিলে। বিশ্বৰ শীর্ষ বিশ্ববিদ্যালয়ক ৰেংকিং প্ৰদান কৰা কিউএছ এছিয়া ইউনিভাৰছিটি ৰেংকিং ২০২৫ৰ তালিকা প্রকাশ পালে। এই তালিকাত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’ল’জি (আইআইটি) দিল্লীয়ে আইআইটি (ব’ম্বে)ক অতিক্রম কৰি শীৰ্ষস্থান দখল কৰিলে।
এছিয়াৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ তালিকাত আইআইটি দিল্লীয়ে ৪৪ সংখ্যক স্থান লাভ কৰিলে। আনহাতে আইআইটি ব’ম্বেৰ স্থান হ’ল ৪৮ সংখ্যক। এছিয়াৰ শীর্ষ ১০০ বিশ্ববিদ্যালয়ৰ তালিকাত ভাৰতৰ মুঠ ছখন উচ্চ শিক্ষানুষ্ঠানে স্থান লাভ কৰিলে। আইআইটি দিল্লী আৰু ব’ম্বেৰ লগতে এই তালিকাত স্থান লাভ কৰিলে আইআইটি মাদ্রাছ, আইআইটি খড়গপুৰ, ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স আৰু আইআইটি কানপুৰে। আইআইটি মাদ্রাছে ৫৬, আইআইটি খড়গপুৰে ৬০, ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সে ৬২ আৰু আইআইটি কানপুৰে ৬৭ সংখ্যক স্থান লাভ কৰিলে।