GIT Champaati Award to Bhaskarjyoti Mahanta:গুৱাহাটী ইনষ্টিটিউট অৱ টেকন’লজিৰ ৰূপালী জয়ন্তীৰ বিশেষ অনুষ্ঠান

ভাস্কৰজ্যোতি মহন্তলৈ জিআইটি চম্পাৱতী বঁটা,অনুষ্ঠানত অংশ ল'ব বিশিষ্ট সাংবাদিক কনকসেন ডেকাই

git

GIT Champaati Award to Bhaskarjyoti Mahanta:

ৰাজ্যৰ কাৰিকৰী শিক্ষাৰ অগ্ৰণী শিক্ষণ প্ৰতিষ্ঠান গুৱাহাটী বামুণীমৈদামৰ গুৱাহাটী ইনষ্টিটিউট অৱ টেকনলজি চমুকৈ জি আই টিয়ে গৌৰৱোজ্বল ২৫ বৰ্ষত পদাৰ্পণ কৰিছে। অহা ১৬ আৰু ১৭ নৱেম্বৰত গুৱাহাটীৰ উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত দুদিনীয়াকৈ উদযাপন কৰিব ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী ৷

পূৰ্বৰ দৰে নগাঁৱৰ শ্ৰীশ্ৰী ফুলবাৰী সত্ৰৰ তৰুণ চন্দ্ৰ গোস্বামী শৈক্ষিক ন্যাস আৰু জি আই টিয়ে এইবাৰো প্ৰদান কৰিব চম্পাৱতী বঁটা। বিগত দীঘলীয়া কৰ্মময় জীৱন তথা সামাজিক কৰ্মৰাজিৰ স্বীকৃতি আৰু সন্মান জনাবলৈ এইবাৰ চম্পাৱতী বঁটা প্ৰদান কৰিব অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা লেখক – সাংস্কৃতিক কৰ্মী ভাস্কৰজ্যোতি মহন্তক

এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে জি আই টিৰ সঞ্চালিকা ৰূবীমা শৰ্মা গোস্বামীয়ে। জিআইটিৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে প্ৰথম দিনা অনুষ্ঠিত হ’ব আন্ত:বিদ্যালয় প্ৰাইজমানি কুইজ প্ৰতিযোগিতা, নৱাগত আদৰণি সভা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন আৰু সাংস্কৃতিক অনুষ্ঠান।

দ্বিতীয় দিনাৰ মুকলি সভাত উপস্থিত থাকিব শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগু, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, দৈনিক অগ্ৰদূত’ মুখ্য সম্পাদক তথা বৰ্ষীয়ান সাংবাদিক কনকসেন ডেকা, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী মলয়া গোস্বামী, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ অৰূপ মিশ্ৰ, কেৰিয়াৰ পৰামৰ্শদাতা ড: বুলজিৎ বুঢ়াগোহাঁই৷ আৰু সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী বিদিশা দেৱীয়ে। মুকলি সভাতে উন্মোচন কৰা হ’ব প্ৰতিষ্ঠানটোৰ স্মৃতিগ্ৰন্থ ‘জ্যোতিষ্ক’। দুয়োটা দিনৰ কাৰ্যসূচীত শিক্ষাৰ্থী, অভিভাৱক, শুভাকাংক্ষীৰ উপস্থিতি কামনা কৰিছে সঞ্চালিকা ৰূবীমা শৰ্মা গোস্বামীয়ে।

Exit mobile version