Muslims participate in Jagaddhatri Puja:ঘগ্ৰাপাৰৰ নিমুৱাত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ বিৰল নিদৰ্শন

জগদ্ধাত্রী পূজাত ভোগদান মুছলমান লোকৰ, নিমুৱা বুঢ়াগোহাঁই থানৰ জগদ্ধাত্রী পূজাৰ সাংস্কৃতিক সন্ধিয়াত জয় আই অসম ধ্বনি-অগপ নেতা- দিলীপ কুমাৰ দাসৰ

jagadatri puja

Muslims participate in Jagaddhatri Puja:

যিসময়ত সমগ্ৰ ভাৰতবৰ্ষত তথা অসমত হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক বিষবাষ্পই ছানি ধৰিছে, ধৰ্মৰ নামত কটা-মৰা কৰিছে, সাতামপুৰুষীয়া একতাৰ এনাজৰী ছিঙো ছিঙো অৱস্থা হৈছে তেনে সময়তো সম্প্ৰীতিৰ উজ্জল নিদৰ্শন দাঙি ধৰিছে বহুজনে। “শংকৰ-আজানৰ দেশ” এই বাণীক সাৰ্থক কৰাৰ বাবে এতিয়াও চেষ্টা অব্যাহত ৰাখিছে একাংশই।

নলবাৰীৰ ঘগ্রাপাৰতো জীয়াই আছে ভাতৃত্ববোধ, জীয়াই আছে হিন্দু-মুছলমানৰ একতা । তাৰেই প্ৰমাণ পূণৰ দাঙি ধৰিলে নলবাৰীৰ ঘগ্ৰাপাৰ নিমুৱা বুঢ়াগোহাঁই থানৰ জগদ্ধাত্রী পূজাই। এই পুজাত অঞ্চলটোৰ ভালেসংখ্যক লোকে ভোগ দান কৰাৰ লগতে উদযাপন সমিতিৰ বহুকেইটা বিষয় বাবদ থাকি দায়িত্ব পালন কৰে।

উল্লেখ্য যে  ৭ নৱেম্বৰৰ পৰা ১১ নৱেম্বৰলৈ নিমুৱা বুঢ়াগোহাঁই থানত জগদ্ধাত্রী পূজা আয়োজন কৰা হৈছে। কালি নিশা সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰি অগপৰ কেন্দ্রীয় সমিতিৰ সম্পাদক , বিশিষ্ট অভিনেতা -ব্যৱসায়ী দিলীপ কুমাৰ দাসে সাংস্কৃতিক মঞ্চত জয় আই অসম ধ্বনি দি ৰাইজক আবেগ কৰি তোলে। তেও লগতে ভাষণত হিন্দু-মুছলমানৰ সম্প্রীতিৰ নিদৰ্শন এই অনুষ্ঠানটিৰ জগদ্ধাত্রী পূজা দৰে নামনি অসমত এতিয়া লৈ দেখা পোৱা নাই বুলি মন্তব্য কৰে।

Exit mobile version